পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৭ ক্রিয়াবিশেষণ তিম, কেম, কিহ, কিং, কিম আদি ৰূপ হয় (হেমচ, ৪৪•১)। তাৰ পৰা তেৱ, তিহ, তিথ, তিৱ-ও হয় (হেমচ, ৪১৩৯৭)। “তেৱৰ পৰা অসমীয়া তেও (sil) ওলাইছে। কিহৰ পৰা অসমীয়া কিয়, কিহেৰ পৰা কিয়ে ওলাইছে (হেমচ, ৪৪০১)। অথবা কিম্ শব্দৰ ৭মীৰ একবচনত প্রাকৃত কিসম, কি, কিহ হয় (হেমচ ৩৬৮)। তেম’ৰ ‘অ’ লােপ হলে আৰু তাত অসমীয়া ৭মী বিভক্তি ‘তে যােগ হলে অসমীয়া ‘তেন্তে শব্দ পােৱা যায় (হে. ৪৪০১)। এম, তেম আদিত আর্থিক ণ (বা অন) যােগ কৰিলে এমন (this sort of ), এমনে ( in this way), তেমন, তেমনে আদি পু, অসমীয়া শব্দ পােৱা যায়। ২। অন্যান্য ক্রিয়াবিশেষণ (0ther adverbs) ৩৪০। ইয়াৰ বাহিৰে সংজ্ঞা, কৃদন্ত, সংখ্যাবাচক আৰু বিশেষণ শব্দৰ পৰা ওলােৱা বহুত ক্রিয়াবিশেষণ আছে। সিবিলাকৰ আভাস তলত দিলাে। ইয়াত দেখা যাব যে প্রায় ক্রিয়াবিশেষণেই সংজ্ঞা, বিশেষণ আদিৰ ৭মী বিভক্তিযুক্ত পদ। সংজ্ঞা, বিশেষণ আদিৰ পাচত কৰি’ বা ‘কৈ শব্দ যােগ কৰিও ক্রিয়াবিশেষণৰ কাম কৰা হয় ; যেনে, ভালকৈ পঢ়িব। (ক) কালৱাচক ক্রিয়াবিশেষণ (Adverbs of time) ততালিকে (স. তৎকালিকে instantly, immediately: lit at that moment)। তিতকালে (স. তৎকালে instantly)। আজি (স. অদ্য, প্রা, অ to-day)। আথাকে (স. অত্যংতিকে, প্রা, অইকে (?) coming in quick succession)। কালি (স. কল্যং, কল্লি, tomorrow অপভ্রংশ কলে, কলি, yesterday)। পৰহি (স. পঃ+ শস, অপত্ৰ পৰসহু day before yesterday or day after tomorrow)।