২৪০ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব আদি ৰূপ হয়। মাগধী প্রাকৃতত এত্তি, এত্তি, এত্তিই, তেত্তি, তেত্তি, তেত্তিই আদি হ্রস্ব অকৃতি (short form) আৰু এত্তিম, এত্তিঅকে, এত্তিক আদি দীর্ঘাকৃতি হয় (বৰ, ১১১১১)। ইসৱৰ ভিতৰত এত্তি, এত্তি, তেত্তিমম্, তেত্তিঅ আদিৰ পৰা উৰিয়া—এতে, তেতে, বঙ্গালী—এত, তত আৰু অসমীয়-অত, তত ইত্যাদি ওলাইছে। মা, প্রা. এত্তিকে সংকোচিত হৈ পূব হিন্দীত এতিক আৰু অসমীয়াত এতেক হৈছে। অপভ্রংশ এত্তিলে, তেত্তিলো আদিৰ লৰ ঠাইত ‘ন’ হােৱাত ($$ ১০১১৫৬) পূ. হি. এতনা, অতিনা, তেতনা, ততিনা, অসমীয়া—অতনা, ততনা আদি হৈছে। যতনা, কতনা আদিৰ কথাও তেনে। অসমীয়া ইমান্ শব্দ ‘ই’ৰ পিচত বহুবচনৰ চিন মান' [ $$ ২২৪ (২)] যােগত লব্ধ। অসমীয়া যেই (জেই ) আৰু কেই’ শব্দ সংস্কৃত যতি, কতি আৰু প্ৰাকৃত আৰু অপভ্রংশ জই, কই (হেমচ, ২২০৪; ৪৩৭৬, ৪২০)ৰ ৰূপান্তৰ। ইয়াত ‘ক’ প্রতায় ন্নার্থক (diminutive)। এই ‘ল’ আৰু ‘ন’ প্রত্যয় বাস্তৱিকে স্বাৰ্থিক ($ ৪৩৪)। | (খ) সংস্কৃত গুণবাচক বিশেষণ-সর্বনাম ঈদৃশ, তাদৃশঃ, যাদৃশ, কীদৃশঃ শৰ প্ৰাকৃতত এৰিসস, তাৰিসসা, জাসিস, কেবিসাে (হেমচ, ১।১৪২) আৰু অংশ প্রাকৃতত অইসস, ইসাে, জইসস, কইসাে হয় (হেমচ, ৪৪০৩)। ৰ পৰা অসমীয়া এইচা, তেইচা, যেইচা আৰু কেইচা হৈছে। অপভ্রংশ এৱডু, তেৱডু, জেৱভু, কেতু ( $ ৩৩৪ ) লােপ হলে এডু, তেডু, জেড়, কেড় হয়। ড’ৰ ঠাইত ‘ল’ হলে ($ ১৫০ ) ইবিলাকৰ ৰূপ এলু, তেলু, জেলু, কেলু আৰু ‘ল’ৰ ঠাইত ‘ন' হলে ( $$ ১০১১১৫৬) হলে এনু, তেনু, জেনু, কেনু হয়। তাৰ পিচত স্বাৰ্থিক প্রত্যয় ‘অ' (= ক ) যােগ হলে এ অ, তেমুঅ, ইত্যাদি হয় বা আর্থিক ডবল অঅ ( =কক) প্রত্যয় যােগ হলে এঅঅ, তেঅঅ ইত্যাদি = এমুআ (এনুৱা), তেনুআ (তেনুৱা), জেনুআ ( যেনুৱা ), কেমুআ (কেনুৱা) হয়। অপভ্রংশৰ এৱড়, তেড় আদিৰ ৰূপ মা. প্রাকৃতত এবড়ে, এৱড়, তেড়ে, তেৱড় ইত্যাদি হয়। তাত ওপৰত কোৱা নিয়মে ‘ড’ৰ ঠাইত ‘ন কৰিলে এনে, এনা, তেনে, তেনা আদি ৰূপ হয়। এই ডু, , ল আ ন বাস্তৱিকে স্বাধিক প্রত্যয় ($ ৪৬৪)। অসমীয়া এনেকুৱা, তেনেকুৱা (এনেকুআ, তেনেকুৱা) আদি ৰূপ আচলতে ১। ct. also Homle, Comp. Grammar, $ 468
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৮
অৱয়ব