পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সর্বনাম ৪৪২)। কিন্তু অপভ্রংশ প্রাকৃতত ইহঁত ব্যক্তিবাচক সর্বনাম স্বৰূপে ব্যৱহৃত হয়। যেনে, এত শব্দৰ পুং-স্ত্রী-ক্লীবলিঙ্গত অপভ্রংশত সাধাৰণ ৰূপ এহ, এহহ, এছ। প্রাকৃতিক সকলাে ভাষাত এই শব্দবিলাকৰ ৰূপান্তৰিতভাৱে ব্যৱহাৰ আছে। যেনে, পুৰণি অসমীয়া কেহ, কেহ আৰু বৰ্তমান অসমীয়া কেও। এহ, তেহ, জেহ, কেহ আদিত তির্যক বহুবচনৰ প্রত্যয় নহ' যােগ কৰিলে এয়ে, তেহা, জেহ্বা, কেহ বা ব্যত্যয় হলে এহে, তেহে, জেহে (?), কেহে (?) পােৱা যায়। কাহ শব্দ কেহ’ৰ ৰূপান্তৰ। (ঙ) সংস্কৃত কিম শব্দ অপভ্রংশ প্রাকৃতত কঁাই আৰু কৱন হয় ( হেমচ, ৪৩৬৭, ৩৪৯)। যদ্ শব্দৰ ক্লীবলিঙ্গৰ প্ৰথম আৰু দ্বিতীয়াব বহুবচন যানি’ৰ ৰূপ প্রাকৃতত ‘ই’ হয় (হেমচ, ৩২৬)। ইয়াৰ পৰাই অসমীয়া কাই আৰু যাই শব্দ ওলাইছে। বৈদিকত ‘কায়’ শব্দ প্রশ্নবােধক সর্বনামব ৬ষ্ঠী বিভক্তিত ব্যৱহৃত হােৱা দেখা যায়। | (চ) অপভ্রংশ প্রাকৃতত তদ শব্দৰ স্ত্রীলিঙ্গৰ ৩য়াৰ একবচনত ‘এ’ হয় ( হেমচ, ৪৩৭০)। তাৰ পৰা অসমীয়া স্ত্রীলিঙ্গৰ ৰূপ ‘তাই আহা অসম্ভৱ নহয়। কিন্তু প্রাকৃত তৃতীয়াৰ ৰূপ অসমীয়া প্ৰথমাত প্রয়োগ হােৱা দেখা নাযায়। তির্যক আকৃতি ‘তা’ৰ লগত অসমীয়া ১মাৰ একবচনৰ বিভক্তি ‘ই’ যােগ হলেও ‘তাই’ শব্দ ওলাব পাৰে। কিন্তু তির্যক আকুতিত প্রথমাৰ বিভক্তি সাধাৰণতঃ যােগ নহয়। তামিল ‘তাই বা তেলেগু তালি’ ( = mother) শব্দৰ পৰা অসমীয়া ‘তাই ওলােৱাটো হে বেচি সম্ভৱ।। | (জ) সংস্কৃত ত, য আৰু কিম্ শব্দ প্রাকৃতত ৬ষ্ঠীৰ বহুবচনত তাস, যাস, কাস হয় (হেমচ, ৩৬৩)। তাত স্বার্থিক প্রত্যয় ‘অ’ (অর্থাৎ ক) যােগ কৰিলে তাসা, যাসা, কাসা বা অসমীয়াত তাহা, যাহা, কাহা হয়। এই শব্দবিলাক পুৰণি অসমীয়াত তির্যক আকৃতি স্বৰূপে ব্যৱহৃত হৈছিল। যেনে, তাহা-ক, যাহা-ক, কাহা-ক, তাহা-ৰ ইত্যাদি। তাস, যাস, কাস শব্দৰ ‘স ইৎ হলে তা, যা, কা থাকে। ইবিলাকে তির্যক আকৃতিৰূপে অসমীয়াত ব্যৱহৃত হয়। যেনে, তা-ক, তাৰ, যাক, ইত্যাদি। তাস, যাস, কাম শব্দ ১। এত শ্রীপুঞ্জীৱে এছ এছহা এহ।-হেমচ. ৪৩৬২ ২। Macd. v. Grammar. ii8 (b)