অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কৰে। এই নহ’ বাস্তৱিকে পালি ৬ষ্ঠৰ বহুবচন সন্ (যেনে, তেসান, তেস, এতেস, ইমেস বা ইমেসন, অমুসন, অমুসন, যেস বা যেসন, ইত্যাদি ), মা. প্রা. আহ, অপ, হুম, ‘হম’ৰ সংকোচিত আকৃতি। স্বার্থিক প্রত্যয় ‘অ’ যােগ কৰিলে ই ‘হা হয়। অসমীয়াত পালি আৰু মা, প্ৰাৰ অনুকৰণে স্না বা ‘ই’ৰ ঠাইত না হয় আৰু এ ( আহনা), তো ( তাত্মা) বা আহ, তাহা আদি পদ সিদ্ধ হয়। তির্যক আকৃতি হি যােগ কৰিলে অসমীয়াত এহি, সেহি, যেহি, কেহি হয় আৰু তাৰ হ’ লােপ কৰিলে এই, সেই, কেই আদি শব্দ ওলায়। | (ক) ইদম্ শব্দ প্রাকৃতৰ প্ৰথমাৰ একবচনত ইমাে, ইমে আৰু ইমা হয় (হেমচ, ৩৭২)। তাত ৰা (বা ডা) প্রত্যয় যােগ কৰিলে নামনি অঞ্চলৰ ইমিৰ পদ পােৱা যায়। সেইদৰে তামি’, ‘তিমি’ শব্দও সিদ্ধ হৈছে। ইমি শব্দ ‘ইমে’ৰ ৰূপান্তৰ। (খ) প্রাকৃতত ৬ষ্ঠীৰ একবচনত ত য আৰু কিম্ শব্দৰ ৰূপ যথাক্রমে তীসে, তী, তী, তিসস, তিই, তী; জীসে, জীঅ, জী, জিই, জী, জিসস; কীসে, কী, কীআ, কিই, কী, কিসস হয় (হেমচ, ৩৬৪)। তাৰ পৰা অসমীয়া কি, কিহে, তিহে, যিহে আদি ৰূপ হৈছে (স’ৰ ঠাইত হ আৰু ই লােপ)। (গ) অপভ্রংশ প্রাকৃতত কিম্ শব্দ কৱণ (হেমচ, ৪৩৬৭), কৱণু (হেমচ, ৪৯৫) হয়। তাৰ পৰা পূ. হিন্দী কৱণ, কউন, আৰু কৌন আৰু অসমীয়াত কোন আৰু কুনি হৈছে। সেই অনুকৰণে যদ্ শব্দৰ ৰূপ অসমীয়াত যােন, যােনি হৈছে। বঙ্গালী তিনি, উনি আদি ৰূপাে এইদৰে ওলাইছে। প্রাকৃত ‘কৱণ’, ‘কউণ’ৰ মূল স. কে পুনঃ বুলি বােধ হয়। স. কে পুনঃ=প্রা. কো+উণ =কৱণ বা কউন। সেইদৰে যাে পুনঃ=ৱণ, জউণ। তাৰ পৰা অসমীয়া কোন, কুনি, যােন, যােনি ওলাইছে। (ঘ) ঈশ (this like), তাদৃশ (such like) ইত্যাদি শব্দ সংস্কৃত গুণবাচক সর্বনাম। অপভ্রংশ প্রাকৃতত ইবিলাকৰ ৰূপ এহ এহহা এহু, তেহ তেহাে তেহু, জেহ জেহাে জেহু, কেহ কেহহ কেহু হয় (হেমচ, ১। Hornle Comp. Grammar $ 868 (6). ২। Kachchayono's Pali Grammar by Mason ss ia2-126.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৪
অৱয়ব