২৫ সর্বনাম ৩৩৪। ফুল (Denvation)। প্রাকৃত ঘ, অ আৰু কি শক এমাৰ বহুবচনত তে’, ‘তে’ আৰু ‘কে হয় (হেমচ, ৩৫৮, ৭১) আৰু অপভ্রংশ প্রাকৃতত এত শব্দ প্রথমাৰ একচনত ‘এ’ হয় (হেমচ, ৪৩৯৯)। মার্কণ্ডেয়ৰ মতে যে, সে কে আদি প্রথমাৰ একবচন। হেমচন্দ্র মতে ‘সে’টো ই বা এত শৰৰ ৬ষ্ঠীৰ একবচন। তির্যক আকৃতি বা ৬টীৰ ৰূপ প্ৰথমাতে ব্যবহৃত হয় বুলি ওপৰত কোৱা হৈছে ( ২৩)। এতেকে পুৰণি অসমীয়া তে, সে, কে, এ এইদৰে পােৱা গ'ল। আকৌ সংস্কৃত পৰিমাণৰাচক সর্বনাম ইয়ৎ, তাৎ, যাৱ আৰু কিয়ং কৃতত যথাক্রমে এ, তে, জে, কে বা ‘এ’ৰ ঠাইত ই হলে, ই, ভি, জি, কি হয় (হেমচ, ৪১৪৭, ৪৮)। অপভ্রংশ প্রাকৃতত এই শব্দবিলাকৰ পিচত তদ্ধিত প্রত্যয় ’ (৪ ৪৩৫ ) যােগ কৰিলে পৰিমাণবাচক সৱনাম এবভু, তেতু, দেৱ আৰু কেৱড় হয় ( হেমচ, ৪১৪০৭)। কিন্তু অপশত এইবিলাক সচৰাচৰ পৰিমাণবােধ সর্বনাম স্বৰূপে ব্যৱহৃত নহয়; সাধাৰণ ব্যক্তিবাচক সর্বনামৰ দৰে হে ব্যৱহৃত হয় (হেমচ, ৪৩৬১, ৩৯৫)। পাবীত এ, তে, জে আদিত ‘ড়’ ডা যােগ কৰি এড়া, তেড়া, জােড়া আদি শব্দ সিদ্ধ কৰে। অসমীয়াতত সেইদৰে ভৰ ঠাইত ৰা যােগ কৰি আৰু এ তে আদিৰ একাৰৰ ঠাইত বিয়ে আকাৰ কৰি এ, আ, তে, তাৰা আদি পদ সিদ্ধ কৰা হয়। পুৰণি অসমীয়াত এ, সে, যে আৰু কে ব্যৱহৃত হৈছিল। কিন্তু বর্তমানত আৰু কেতিয়াবা পুৰণিতত একাৰৰ ঠাইত ইকাৰ হৈছে আৰু ই, সি, বি বা জি আৰু কি বিশেষকৈ চলে। আন আন প্রাকৃতিক ভাষাতত এ, সে, জে আৰু কে ব্যবহৃত হয়। তাৰ লগত তির্যক একবচন চিন ‘হ (অর্থাৎ অপত্র, হাে’ বা ‘হ-ৰ সংকোচিত আকৃতি, ২৩১) যােগ হলে পূবহিণীত (ত্যিক আকৃতি) এই, তেহ, জেহ, আৰু কেহ হয়। পুৰণি অসমীয়াতত এই ৰূপ আছিল। বর্তমান অসমীয়াত ইহু, (?), তিহ, (৫), বি, কি হয়। আকৌ আন প্রাকৃতিক ভাষাত এ, তে আদি ৰূপত তির্যক বচনৰ আকৃতি নহ' বােগ কৰি এহ, তেহ আদি শব্দ সিদ্ধ ১। Hornle Comp. Grammar, P. 29o. ২। হেমচ, ৩১৮১
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৬৩
অৱয়ব