২২৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ৩২১। সমার্থক রূপৰ মূল (Derivation of honorific forms) অসমীয়া ‘তুমি’ৰ মূল ‘আমি’ৰ মূলৰ অনুৰূপ ($ ৩০৯। ক)। সৰল আকৃতিৰ (১মাৰ একবচনৰ) তুমি’ বাস্তৱিকে প্রাক্বৈদিক তুস্মে (স. যুষ্মে ?), পালি তুহমে প্রা. তুমহে, ($ ৩১১), অপভ্র, তুমহে (হেমচ, ৪৩৬৯)-ৰ ৰূপান্তৰ। তির্যক আকৃতিৰ তােমা’, ‘তুমি সেইদৰে পালি তুহমে, তুহ মন, তুহ মক, তুহমেহি, প্রা. তুম্হ (হেমচ, ১২৪৬, ২১৪৭), তুমহে (হেমচ, ৩১৪৮), তুমাণ (হে, ৩১০০ ), অপত্র তুমহে '(হে. ৪৩৬৯ ),হইং (হে. ৪৩৬৯) তুম্হহং (হেমচ. ৪৩৭৩), তুমহেহিং (হেমচ, ৪৩৭১, ৩৭৮)-ৰ পৰা ওলাইছে। এই আটাইবিলাক বহুবচনৰ ৰূপ। কিন্তু অসমীয়া তির্যক আকৃতি একবচন আৰু বহুবচন উভয়তে একে অর্থাৎ ‘তােমা। অসমীয়া তুমি, তােহ মাকু, তােহ মাৰ আদি শব্দৰ তির্যক আকৃতি আদি- বৈদিক ‘তুস্ম’ (স. যুগ্ম ), পালি তুহম, প্র. তুম্হৰ ৰূপান্তৰ। প্ৰাক্-বৈদিক তুস্ম’ পালিত তুম হয়। কিন্তু প্রাকৃতত ব্যত্যয় হৈ তুম্হ হয়। কিন্তু অসমীয়াত তুহম প্রাকৃতৰ পৰা নহয় পালিৰ পৰা হে নামা যেন দেখা যায়। এই আকৃতি অতি পুৰণি। অসমীয়া তির্যক আকৃতি তােমাসা’ বাস্তবিকে প্রাকৃত তুম্হহং, পালি তুহ মন, হিন্দী ‘তুম্হা’ৰ ৰূপান্তৰ। তােমাহা (যেনে, তােমাহাঙ্ক) ও ইয়াৰ পৰাই ওলাইছে। ৩২২। আপুন, আপুনি (you): হিন্দীত ২য় পুৰুষত মান্যার্থে ‘আপ’ শৰ ব্যৱহৃত হয়। এই 'আপ' মূলত সর্বনাম নহয়। ইয়াৰ মূল সংস্কৃত ‘আত্মন্ শব্দ। স. আত্মন প্রাকৃতত আগ্লাগাে ( হেমচ. ২৫১), অপভ্র অপ্পণ, অল্পণু (হেমচ, ৪৪২২১৪, ৩০২) হয়। তাৰ পৰা অসমীয়া আপু বা ‘অপােন’ শব্দ ওলাইছে। এই ‘আপাে’ শব্দ ২য় পুৰুষত সমার্থে ব্যৱহৃত হয়। তির্যক এক আৰু বহুবচনত ইয়াৰ ৰূপ আপােনা বা আপুনা’ আৰু সৰল আকৃতিত (১মাৰ একবচনত) আপুনি’ (বিভক্তি ই যােগত) হয়। ১. ২। Kachchayano's Pali Grammar, ii, by F. Mason,
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৫২
অৱয়ব