পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সর্বনাম (খ) তির্যক রুতি (Oblique forms)। অপভ্রংশ ‘মহু’-ৰ পৰা পুৰণি অসমীয়া মােহাে’ (যেনে, মােহােৰ, মােহােক) হৈছে। মহু’ৰ হ ইৎ হলে ‘মাে’ হয় ($ ৭০)। সেইদৰে অপভ্রংশ মহুৰ পৰা হিন্দী, বঙ্গলা, উৰিয়া আৰু অসমীয়া মাে’ (যেনে, মােক, মােৰ, মাে-ত) ও ওলাইছে। এইটোৱে তির্যক আকৃতি। অপভ্রংশ ম+হু’-ৰ মূল বৈ. ‘ম’ (যেনে, ম-য়া, ম-হ্য, ম-দ, মম, ম-য়ি) পালি “ম” (যেনে, ম-, ম-য়া, মম, ম-য়ি) আৰু প্ৰাকৃত ম, মি, ম্ ($ ৩০২)। ৩০৯। বহুবচনৰ মুল (Derivation of plural forms) প্রাকৃতিক ভাষাবিলাকত বহুবচনৰ আকৃতি প্রায় একে। সৰল আকৃতি যেনে, অসমীয়া ‘আমি’, হিন্দী ‘হ, উৰিয়া ‘আমহে’, মাৰাটী ‘অহী', গুজৰাটী ‘অমে, হমে’, সিন্ধী ‘আমী’, পাঞ্জাবী ‘আমী, পুৰণি অসমীয়া আমি, আহি, আহমী। তির্যক আকৃতি—যেনে, অসমীয়া আমা, বঙ্গলা আমা, হিন্দী হম, হমন, হমনি হমৌ', হমৈ, মা, গুজৰাটী অম, অমে, হমে, অমা, পাঞ্জাবী অমা, মমা, সিন্ধী অমা, অমহে, অমাহু, পুৰণি অসমীয়া আমি (যেনে, আমিসৱ ), আমা (যেনে, আমাসৱ, আমাঠে), মাে (যেনে, মােৰা), মােৰা (যেনে, মােসৱ), হামা (যেনে, হামাৰ, হামা-ৰা), আমাসা (যেনে, আমাসাক)। (ক) সৰল আকৃতি (Direct forms)। | কোনাে কোন পালি ‘ময়ন’ৰ পৰা অসমীয়া মই আহা বুলি ভাবে ; কিন্তু এই অনুমান ঠিক নহয়। স্বৰ-বিকৃতির নিয়মে পালিত ‘বয়ং’ৰ ঠাইত ‘ময়ন’ হলেও প্রাকৃতত আৰু অসমীয়াত শব্দৰ আদিতে থকা ব’ৰ ঠাইত ‘ম’ হােৱা দেখা নাযায়। আকৌ ‘ময়ন’ পালিত কেতিয়াও একবচনত ব্যবহৃত নহয়। প্রাকৃতিক আন ভাষাতত ‘বয়ম্,ৰ চিন বর্তমানত নাই। এনে স্থলত অসমীয়া মই, পালি ময়ন’, বা সংস্কৃত ‘বয়ং’-ৰ পৰা আহিছে বুলি ভাবিব নােৱাৰি। প্রাকৃতিক ভাষাৰ হ’, ‘আমূহে’ ‘আমি’ আদি আকৃতি বাস্তৱিকে প্রাকৃত অমূহ, অমূহে, অম্হাে’, অপভ্রংশ অমহে, অমূহ, পালি, অহমে, ১। অমূহ অমহে অমূহহ বয় ভে জল।হেমচ, ৩১৩৬ ২। হেমচ. ৪৩৭৫-৩৮১