অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব লৈ ) একবচনতে প্রায় তেনেমৈথিলী, বঙ্গালী, উৰিয়া আৰু অসমীয়াত ‘মাে’ আৰু হিন্দীত ‘মাে’ বা ‘মু, হয়! ৩০৮। একবচনৰ মুল (Derivation of singular forms) | (ক) সৰল আকুতি ( Direct forms) সংস্কৃত ‘অহং’-ৰ পৰা অসমীয়া কোনাে শব্দ ওলােৱা নাই। মাগধী প্রাকৃতত তৃতীয়া আৰু সপ্তমীৰ একবচনত অস্মন্ শব্দৰ ৰূপ মই’ বা ‘মএ’ হয় ( $ ৩০২)। ইয়াৰ পৰা ভাবিব পাৰি যে অসমীয়া মই প্ৰাকৃতৰ তৃতীয়াৰ একবচনৰ পৰা আহিছে। লেচেন আৰু ডাক্তৰ কেলােগেও তেনে অনুমান কৰে। কিন্তু ডাক্তৰ হৰ্ণলিৰ মতে ‘মই’ বা ‘মৈ’ তৃতীয়াৰ পৰা নহয় ৬ষ্ঠীৰ পৰা হে নামিছে আৰু তির্যক আকৃতি প্রথমাতাে চলিছে। তেওঁ কয় যে প্রাকৃতিক ভাষাত তির্যক আকৃতি (একবচনৰ) প্রাকৃতৰ ৬ষ্ঠীৰ একবচন ‘মই’, ‘মহ’ বা ‘মহু’ৰ ৰূপান্তৰ মাত্ৰ। মই’ পদ মাহাৰাষ্ট্ৰী প্রাকৃতত সম্বন্ধ, অপাদান, কৰণ আৰু অধিকৰণ কাৰকৰ একবচনত প্রয়ােগ হয়। আকৌ অপভ্রংশ প্রাকৃতত মই শব্দ কর্ম, কৰণ আৰু অধিকৰণৰ একবচনত প্রযােজ্য। ইয়াৰ পৰা সহজে ভাবিব পাৰি যে মই’টো তির্যক একবচনৰ সাধাৰণ চিন ৰূপে চলিছিল। এই কথা নিঃসন্দেহে কব পাৰি যে ‘মই’ পদ ‘মহি’ৰ সঙ্কোচিত আকৃতি আৰু মহি’, ‘মহু’ আৰু মহ' শব্দ অপভ্রংশ প্রাকৃতৰ ৬ষ্ঠীৰ বা তির্যক একবচনৰ চিন ‘হি’ ‘হু’ আৰু ‘হ’-ৰ সংযােগত লব্ধ। কেতিয়াবা অপভ্রংশ প্রাকৃত ৬ষ্ঠীৰ বহুবচনৰ চিন ‘হিং’, ‘হুং’ ‘হং' ও একবচনত প্রয়ােগ হয়। সেই দেখি কেতিয়াবা কেতিয়াবা আমি অপভ্রংশ প্রাকৃতত মই’ (মই=মঞি =মহিং), মহুং আৰু মহং বিকল্পে একবচনতাে চলা দেখো। অপভ্রংশ প্রাকৃতৰ মই বা ‘মই’য়েই অসমীয়া মই, মঞি, বঙ্গলা মুই, হিন্দী মৈ আৰু উৰিয়া মু। অসমীয়া ময়, ময়ি প্রাকৃত মই, মএ-ৰ ৰূপান্তৰ মাথােন। ১। cf. কিং এ কিংস, কিং ময়া কৃতং (মালৱিকাগ্নিমিত্র)। অলং ময়ি সিণেহেণ লং ময়ি মেহেন (Ibid)। ২। See his Comp Gramm, 480. ৩। হেমচ, ৩১৯, ১১১, ১১৩, ১১৫ ৪। ট্য মা মই’, হেমচ, ০৩৭৭ মই ভিটাভিঃ। মই। ময়ি ময়া মাং বার্থ। মার্কেণ্ডেয়, Hornle $ ৪৩০ ৫। হেমচ, ৪৩৪৩, ৩৪।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪০
অৱয়ব