পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চদশ আধ্যা সৱনাম (Pronoun) ৩১। সকলে নামৰ পৰিবৰ্তে যি শব্দৰ প্ৰয়ােগ হয় তাৰ নাম সর্বনাম। সংজ্ঞাশৰ লিঙ্গ আৰু বচন সৱনামৰৰ লিঙ্গ আৰু বচন হয়। অসমীয়া ভাষাত তিনিটা পুৰুষ (person)—প্রথম বা উত্তম পুৰুষ, দ্বিতীয় বা মধ্যম পুৰুষ আৰু তৃতীয় বা অন্য পুরুষ। অম্মদ (মৈ বা মই বা ময়) শব্দ প্রথম বা উত্তম পুরুষ, যুগ্ম (তুমি বা তই বা তয় ) শব্দ দ্বিতীয় বা মধ্যম পুৰুষ ; তাত বাদে আন সমুদায় শব্দ তৃতীয় পুৰুষ। অসমীয়া সর্বনাম শব্দক সাধাৰণতঃ তিনি ভাগ কৰিব পাৰি :--ব্যক্তিবাচক, বিশেষণবাচক আৰু ক্রিয়া-বিশেষণবাচক। এই, সেই, যি, সি, ইত্যাদি ব্যক্তিবাচক সৱনাম (Personal pronouns); আন, ই, এই, এতেক, ইত্যাদি বিশেষণ-সৱনাম (Pronominal adjectives); এতিয়া, তেতিয়া, ইত্যাদি ক্রিয়া-বিশেষণ সৱনাম (Pronominal adverbs)। ব্যক্তিবাচক সৱনামক আকৌ আঠ ভাগ কৰিব পাৰি :-(১) প্রকৃত ব্যক্তিবাচক সর্বনাম (Personal pronouns ) অর্থাৎ অস্মন্ (মই I) আৰু যুগ্ম (তই thou or তুমি you) শব্দ ; (২) অদূৰবী নিশ্চয়বাচক সর্বনাম (Proximate demonstrative pronoun) অর্থাৎ এই, ই (this ); (৩) দূৰবর্তী নিশ্চয়বাচক সর্বনাম ( Remote demonstrative pronoun) অর্থাৎ সৌ, সেই ( that); (৪) সাধাৰণ নিশ্চয়বাচক সর্বনাম (General demonstrative pronoun) অর্থাৎ সি, তাই, এই (He, she, it); (৫) সম্বন্ধবাচক সর্বনাম (Relative pronoun) অর্থাৎ যি (who, which); (৬) পৰম্পৰ সম্বন্ধবাচক সর্বনাম (Corelative pronoun) অর্থাৎ সেই (that); (৭) প্রশ্নবাচক সর্বনাম (Interrogative pronoun) অর্থাৎ কোন (who, what ) আৰু (৮) অনিশ্চিত সর্বনাম ( Indefinite pronoun) অর্থাৎ কোননা, কিছু (any one, any)। ইয়াৰ পৰা দেখা যায় যে সংস্কৃত, প্রাকৃত, হিন্দী, বঙ্গালী আদি ভাষাৰ দৰে অসমীয়াত সম্পূর্ণ সনাম নাই—যেনে, সংস্কৃত অদম্ শব্দ, হিন্দী ওহ, উহ, বঙ্গালী ও, উনি ১। আমি সংস্কৃতৰ প্ৰথম, মধ্যম আৰু উত্তম পুৰুষক যথাক্রমে তৃতীয়, দ্বিতীয় আৰু প্রথম পুৰু বুলিলে।