পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংখ্যাবাচক শব্দ শও+ এক, শত+ এক। কেতিয়াবা নিকটবর্তী দুটা সংখ্যাবাচক সংজ্ঞা একে লগে প্রয়ােগ কৰিও এই অর্থ বুজাব পাৰি—যেনে, সাত আঠ টকা ; কুড়ি পঁচিশ মােন, ইত্যাদি। কেতিয়াবা ‘গােটা’ (স, গােষ্ঠক= assembly) শব্দ সংখ্যাবাচক শব্দৰ আগত যােগ কৰিও এই অর্থ প্রকাশ কৰিব পাৰি— যেনে, গােটা দুই নাৰিকল, গােটা পঁচিশ বেজী, ইত্যাদি। কেতিয়াবা ‘কেইবা’ ( স. কতিপয়, প্রা, কইৱাহম, কইঅৱ, some) শব্দ যােগ কৰিও এনে অর্থ বুজুৱা হয়—যেনে, কেইবাটা মানুহ, কেইবা ডােখৰ কাঠ। ‘খানিক’ (some) শব্দৰ ব্যৱহাৰ কৰিও অনিশ্চিত সংখ্যা বুজাব পাৰি- যেনে, বােলন্ত আমাক ঠাই দিয়ােক খানিক। দৈত্যাৰি। খানিক লােণ দিয়া (give me a little salt)। | (৮) নিশ্চিত সংখ্যাবাচক শব্দ (Denominatives) | ২৯৮। নিশ্চয়কৈ বা দঢ়াই কোৱা অৰ্থত সংখ্যাৰ পাচত ‘এ’ যােগ কৰি নিশ্চিত সংখ্যা বুজুৱা হয়—যেনে, সিহঁত চাৰিয়াে গৈছে ; ‘দহাে আঙ্গুলিয়ে খায়; বুঢ়াই হেঁচিলে যায়। দুইকো দুয়াে নহে তুষ্টি। হানে বজ্র সম মুষ্টি ॥–শঙ্কৰ। “আই ঘঁষাই সাত খটখটিত উঠিল।'—দৈত্যাৰি। মূলঃ হিন্দীত এনে হয়—যেনে, দোনাে বৰি। এই ‘ও’ বাস্তৱিকে অব্যয় ( 8$ ৪০৭৫) আৰু emphasis বা জোৰ দিবলৈ ইয়াৰ ব্যৱহাৰ হয়। | (৯) বিয়ােগক সংখ্যাবাচক শব্দ (Subtractives)। ২৯৯। বিয়ােগক সংখ্যা কম’ বা ‘ঘাটি’ শব্দ যােগ কৰি প্ৰকাশ কৰা হয়—যেনে, পাঁচে কম তিনি কুড়ি টকা অর্থাৎ ৫৫ টকা। দুকুৰিৰ চাৰি টকা ঘাটি অর্থাৎ ৩৬। মুল ‘কম’ (less) শব্দ ইচলামিক (ফাচী)। ঘাটি' শব্দ স. ঘট্টিতক, অপভ্র, প্রাকৃত ঘটিঅএ, হিন্দী ঘটিহা—(inferior, low-priced ৰ পৰা ওলাইছে। . (১০) বৈগিক সংখ্যাবাচক শব্দ ( Distributives) ৩০০। সংখ্যাৰ দ্বিরুক্তি কৰি বিভাগ বুজুৱা হয়। একো একো হস্তী যেন পর্বত সমান।'—হেম. স.। কুলিক দহ কহ অনা দিলে অর্থাত প্রতি কুলিক দহ অনাকৈ দিলে। কেতিয়াবা কৰি’ বা ‘কৈ’ শব্দ যােগ কৰিও এনে অর্থ প্রকাশ কৰা হয়--যেনে, মগনীয়াক পাঁচ টকা কৈ দিলে।