পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাভ ২৮১। পঞ্চমী বিভক্তি (Fifth case-affix) (১) অপাদান-কাৰকত পঞ্চমী; যেনে, ঘৰৰ পৰা আহিল। (২) কাল আৰু পথ বুজালে অবধি-বােধক শব্দৰ উত্তৰত পঞ্চমী হয়; যেনে, আজিৰ পৰা চৌথ দিনা। (৩) অন্যাৰ্থ-বােধক শব্দৰ উত্তৰত পঞ্চমী হয়; যেনে, অসমৰ পৰা বঙ্গ পৃথক। | (৪) হের্থে তৃতীয়া, পঞ্চমী বা সপ্তমী হয়; যেনে, আনন্দেৰে বা আনন্দত নাচিছে, শােকৰ পৰা বা শােত কান্দিছে। ২৮২। যষ্ঠ বিভক্তি ( Sixth case-afix) (১) সম্বন্ধে ষষ্ঠ ; যেনে, টিনৰ ঘৰ। | (২) সহার্থক শব্দৰ যােগত ৬ষ্ঠ হয়—যেনে, ঘােৰাৰ সহিত ; তাৰ লগত ; ঘৰে সৈতে, ইত্যাদি। | (৩) নিমিত্তে, হতুৱাই, অর্থে, প্রতি, নিচিনা, দৰে, অন্তৰে, ভিতৰে, বাহিৰে আদি শব্দ যােগত যষ্ঠী হয়; যেনে, তাৰ নিমিত্তে, ৰামৰ হতুৱাই পানী অনালাে, ধনৰ অৰ্থে কাম কৰিছে, ঘৰৰ নিচিনা প্রবাসত আছে, তুলাৰ দৰে কোমল, তাৰ বাহিৰে আন কাম নাই; ইত্যাদি। ২৮৩। সপ্তমী বিভক্তি ( Seventh case-affix) (১) অধিকৰণে ৭মী; যেনে, পতিত জুই লাগিছে। | (২) নিৰ্ধাৰে সপ্তমী; যেনে, কবিৰ মাজত কালিদাস শ্রেষ্ঠ। (৩) অৱচ্ছেদে ৭মী; যেনে, দুঃশাসনে দ্রৌপদীৰ চুলিত ধৰিছিল। (৪) বিনা, বাজে, বাদে শব্দ যােগত ৭মী হয়; যেনে, হৰিত বিনে গতি নাই, তাত বাদে আৰু গাঁও আছে, মুখ্য মন্দিৰত বাজে সাধাৰণ মন্দিৰৰ আছে। ৫) তুলনার্থক শব্দ যােত ৭মী হয়; যেনে, সবাত সৰু, জগততে কৰি মই যিহেতু উত্তম।'—শঙ্কর | (৬) থাকি আৰু পৰ শব্দ যােগত ৭মী হয়; যেনে, বাজাৰ দণ্ডিত থাকি তেল পুৰক ঢাকি | নিৰে কৰে হৰি ৰােৰ। হৰিভকতিত পৰ নিস্তাৰ কৰা নাই। মহত থাকি শুবই নােৱাৰি; তাত পৰ আৰু একো নাই।