পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৯ বিভক্তি মূল সাধু এৰে দেৱে তীর্থে অনেক অন্তৰ।'—দৈত্যাৰি। ইয়াত-সাধুৰ আৰু দেৱতীৰ বহুত অন্তৰ—এনে অর্থ হয়, কৰণৰ অৰ্থ নহয়। সি যি হক বর্তমানত এৰে’ বা ‘ৰে কৰণৰ বিভক্তি ৰূপে ব্যবহৃত হয় আৰু পূর্ব ব্যৱহাৰ আৰু অৰ্থ নাথাকে। যেনে, হাতেৰে ধৰিলে, কটাৰীৰে কাটিলাে, ইত্যাদি। ‘ৰে আন ৰকমেও আহিব পাৰে। ই নেপালী ‘লে আৰু হিন্দী ‘নে’ । ৰূপান্তৰ হবও পাৰে। অসমীয়া ৰে'ৰ দৰে নেপালী ‘লে আৰু হিন্দী ‘নে’ ও তৃতীয়া বিভক্তিৰ চিন। আগেয়ে বহুতে হিন্দী ‘নে’ সংস্কৃত ‘এন’ৰ পৰা আহা বুলি ভাবিছিল। কিন্তু এতিয়া এন বিচক অনুসৰণ কৰি ডাক্তৰ কেলােগে কয় যে এই বিশ্বাস ভুল। ই সংস্কৃত কর্তৃবাচ্যৰ কৃদন্ত পদ ‘লগ্য, প্রা. ‘লগগিও’ৰ পৰা ওলাইছে। তাৰ পৰা হিন্দী-লগি, লই, লে আৰু নে হয়। তাৰ পৰা নেপালী ‘লে’ ও আহিছে। অসমীয়াত ৰ আৰু লৰ অভেদ ( ২০৪)। এতেকে ‘লে’ৰ পৰা ৰে’ হােৱা অসম্ভৱ নহয়। | ‘ৰে উড়িয়া ভাষাতত কৰণৰ চিনৰূপে ব্যবহৃত হয়। উড়িয়া ‘বে যদি নেপালী ‘লে’-ৰ মাজেদি আহা নাই তেন্তে ই মুণ্ডাৰী ভাষাৰ পৰা আহিব পায়। ৰে’-টো মুণ্ডাৰী ভাষাৰ অধিকৰণ কাৰকৰ চিন বা ৭মী বিভক্তি আৰু কৰণ আৰু অধিকৰণৰ বিভকি উড়িয়া আৰু অসমীয়া ভাষাত একে। ওপৰত দিয়া প্রথম মত অর্থাৎ এৰে পৰা ৰে' আহাটোৱে শুদ্ধ বুলি অনুমান হয়। | (ঘ) ধাৰা:- সংস্কৃত দ্বাৰ’= door, gateway, means আৰু বা =by means of, through। শেষােক্ত শব্দ অর্থাৎ দ্বাৰা কৰণবােধ আৰু এই অর্থত ‘আ’ শৰ অসমীয়াত কৰণ বা তৃতীয়া বিভক্তিৰ চিনপে ব্যবহৃত হয়। পুৰণি অসমীয়াত দ্বাৰা শৰৰ এনে ব্যৱহাৰ আছিল। যেনে, ‘চৈতন্য শক্তি বাৰে ইতত জড় জগতক ৰমাৰ কৰ্ম অনুৰূপে।'- মা. দে.. ১। Kellogg's Hindi Gramm, i96. ২। See উড়িয়া বিভক্তি in Halam's Uria Grammar ৩। See vocabulary of Mundari in Dalton's Ethnology of Bengal.