পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৮ | অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ভৰি দিয়া উঠে কতত গােপীকাৰ মাথে-শঙ্কৰ হাতেদি নাজানাে তাল যে মন্দিৰা, মুখেদি নাজানাে গীত-মনকৰ হাণ্ডিৰােল বৰলক বাড়িদি বােঙ্কাহা। জ্বলন্ত অগ্নিক হাতে ধৰিবাক চাহা --দৈত্যা, বর্তমানত “দিয়াৰ ব্যৱহাৰ নাই; দি’ হে প্রচলিত। কোনাে কোনােৱে ‘বিন্ধাইদি পানী পৰে’, ‘বাটেদি যায়’ আদি বাক্যত ‘দি কৰণৰ নহয়, অধিকৰণৰহে বিভক্তি বুলিব খােজ। কিন্তু এই মত ভুল যেন লাগে। এনে বাক্যত অতি আদিম কালৰ পৰাই কৰণ-কাৰক বা তৃতীয়া বিভক্তিৰ ব্যৱহাৰ হৈ আহিছে। যেনে, ‘ৱেদা যাে রীনাং পদমন্তৰিক্ষেণ পততা। | বেদনাৱ সমুদ্রিয়। ঋক্‌ ১১২৫।৭ God is known who knows the place of the worlds moving (পতং ) in the firmament ( অন্তৰিক্ষেণ ), also knows veda, the vessels of the sea. পুৰণি অসমীয়াতত তেনে ঠাইত কৰণৰ দিয়া বা ‘দি হৈছিল ; যেনে, | ‘ঘৰৰ কণায় দিয়া চমু চমু গৈ।'—দৈত্যাৰি পুৰণি অসমীয়াত ‘ৰে কৰণৰ বিভক্তিৰূপে ব্যৱহৃত হােৱা নাছিল। ৰে'ৰ মূল পুৰণি অসমীয়া এৰে। এৰে’ পদ সর্বনাম ‘এত’ শব্দৰ ষষ্ঠ পদত তৃতীয়া বিভক্তিযুক্ত পদ। এৰ’= ইয়াৰ আৰু এৰে' =ইয়াৰ দ্বাৰা। বাস্তৱিকে ‘ৰে' ৰ একাৰ হে তৃতীয়া বিভক্তি বা কৰণৰ চিন। পুৰণি অসমীয়াত ‘এৰে পদ বিভক্তিৰ চিনৰূপে ব্যৱহৃত নহৈছিল ; ‘সহিত’ বা ‘লগত এনে অর্থত অব্যয়ৰ নিচিনা ইয়াৰ প্ৰয়ােগ হৈছিল। যেনে, ‘আকে এৰে কৰে নামক সৰি।শঙ্কৰ। উড়খলে এৰে বান্ধে চাপি।'—শঙ্কৰ। ইতাে প্রাণ এৰে সমান তােমাক মানি আছে মনে আমি।'—দৈত্যাৰি। ইয়াত আকে এৰে ইয়াৰ দ্বাৰা, উড়খলে এৰে =উড়ুখলেৰে বা উড়খলৰ দ্বাৰা, প্রাণ এৰে= প্ৰাণৰ দ্বাৰা এনে অর্থ নহয়; ইয়াৰ লগত, উছুলৰ লগত, প্ৰাণৰ লগত-এনে অর্থ হে হয়। এই ‘এৰে’ৰ ব্যৱহাৰ ঠিক ‘সহিতে’ বা ‘সৈতে’ শব্দৰ ব্যৱহাৰৰ অনুৰূপ। যেনে, ‘বিহুৰে সহিতে যেনে কৰিলা আলাপ।'—শঙ্কৰ। এ’ে যােগত ৬ষ্ঠীৰ অৰ্থ প্রকাশ পায়। যেনে, ‘দেবতা তীর্থত হন্তে শুদ্ধ হােৱে নৰ।