১৭৭ বিভক্তিৰ মূল। ‘অয়ং দেৱায় এনে তােমাে বিভিবাসয়া। অকাৰি ৰয়তম, ঋক্ ১২১ | [ অ—দিব্য জ্ঞানালােত জ্ঞানী পুৰুষৰ দ্বাৰা (ৱিশ্ৰেতিঃ ) এই ৰয়তম স্তোত্ৰ ৰচিত হল।] | স বাে মাসে। অম্মতেশ্রেণ চ মতা। আদিত্যেভিচ বাতি, ঋক ১২০৫ [ অ-মক আৰু দীপ্যমান আদিত্যসকলৰ বাৰা ( ভি আদিত্যেভিঃ) যুক্ত ইৰ লগত তােমালােকলৈ বিদ্যানন্দ আহক]। প্রাকৃত এটা নিয়মে ‘ৰ ঠাইত হ হয় (হমচ, ১১৮৭)। এই নিয়মে ‘এভিঃ প্রাকৃতত এহি হয়। যেনে, স. ফৈ (প্রকৃততে বৃক্ষেভিঃ)=প্রাকৃত বচ্ছেহি, যচ্ছেহিং (হেমচ, ৩৭)। নৈৰ পৰা কেনেকৈ ৰছেহি হয় | তাক বুজা নাযায়। কিন্তু কেতিঃৰ পৰা যে ৰচ্ছেহি বা ৰছেহি হব পাৰে। তাক সহজে বুজিব পাৰি। এতেকে বৈদিক ‘এভিৰ পৰা অপভ্রংশ মাজেদি অসমীয়ালৈ ‘এহি আহিছে বুলি ধৰিব পাৰি। এ' ও অপভ্রংশ মাজেদি আদি প্রাকৃতৰ পৰা নামিছে। ওপৰত কোৱা মতে ( 88 ২৪২৪২) ষষ্ঠীৰ ৰূপান্তৰ বুলি ইয়াক ধৰিলেও ৩য়া আৰু ৬ষ্ঠৰ আকাৰ একে হােৱাৰ পৰা একে বিভক্তি বুলি ভ্রম হয়। লেচেনে ‘এ’ টো সংস্কৃত ‘এন’ৰ ৰূপান্তৰ মাথােন বুলি কয়। কিন্তু ডাক্তৰ হৰ্ণলিয়ে এই মত স্বীকাৰ নকৰে। তেওঁ কয় সংস্কৃত স্ত্রীলিঙ্গত কেতিয়াও ‘এন’ নহয়, অথচ অপভ্রংশ প্রাক্তন স্ত্রীলিঙ্গত হে সচৰাচৰ ‘এ’ যােগ হয়। তেওঁৰ মতে ‘এ’ৰ মূল অহি বা অহিং। (খ) দি’ :-বাস্তৱিকে সংস্কৃত দা খাতুৰ অপূৰ্ণ কৃত ‘দা’(having given), হিন্দী, বঙ্গলা আৰু অসমীয়া দিয়া ভিন্ন আন একো নহয়। অসমীয়া, যেনে, আষ্ণোলে দিয়া ঢাক’, এখৰ ক. আসনক মান্য | কৰি হাত দিয়া বসিল মাটিতে যাই’, শঙ্কৰ শৌৰসেনী প্রকৃতত ‘তৱাৰ ঠাইত ই হয়। সংস্কৃত দত্ব অপভ্রংশত দি, দিউ, দিৱি, দৱি, দেল্পি, দেপ্পিণু, দেৱি, দেৰিণু হয়। তাৰ পৰা দি, দিয়া সিদ্ধ কৰা টান নহয়। পুৰণি অসমীয়াত দিয়া, দি উভয় আকৃতি কৰণৰ চিনৰূপে চলিছিল। যেনে, ১। কুইজ', ৰ ১২১২ ২। হেমচ, ১৪৩৯
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৫
অৱয়ব