পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিভক্তিৰ মূল সংস্কৃতৰ পৰা এই কু’ ধাৰ কৰিছে বুলি মনে নধৰে। ইফালে আমি পাইছে যে বৈদিক যুগতে আৰ্যাত ‘ক’ সম্প্ৰদান-কাৰকৰ চিনৰূপে ব্যবহৃত হৈছিল। এতেকে দ্রাবিড়ী ‘কু আৰু বৈদিক ‘ক’ বােধকৰৰ সুকীয়া বিভক্তি। উৰাং ভাষাৰ গই', তীব্বতীয়া ভাষাৰ ‘গ্য’, কছাৰী আৰু গাৰৰ ভাষাৰ ‘খাে’ কর্ম-কাৰকৰ বিভক্তি। ইসৱৰ পৰাও বােধৰে অসমীয়া, হিন্দী আদি প্রাকৃতিক ভাষাৰ ক, কো, কে আদি অহা নাই। (খ) ডাক্তৰ হর্নলিয়ে কয় যে হিন্দী ‘কে’, বঙ্গালী ‘কে’ আদি বিভক্তি মূল সংস্কৃত সপ্তম্যন্ত পদ কক্ষে’ (by the side of )। সংস্কৃত ক’ে= প্রাকৃতকচ্ছে বা কষে বা কাখে। আকৌ প্রকৃতত খ, ঘ, থ, ধ, আৰু ভ-যুক্ত সংস্কৃত শব্দৰ খ, ঘ আদিৰ ঠাইত হ’ হয়। অপভ্রংশত তাৰ পৰা কহে, কহি হয়। অপভ্রংশৰ এটা নিয়মে অকাৰান্ত শব্দৰ পাচত সপ্তমী বিভক্তি যােগ হলে অকাৰৰ ঠাইত ইকাৰ বা একাৰ হয়। এই দৰে কক্ষ = কক্খ =কহ আৰু তাত সপ্তমী বিভক্তি যােগ হলে কহে বা কহি হয়। তাৰ পাচত ‘হ’ লােপ হলে কই (=কে) আৰু কএকই= ক থাকে। অপভ্রংশত কক্ষে’ শব্দ কহহুং, কাহহুং হব পাৰে। তাৰ পৰা হিন্দী ‘কো’ আদি বিভক্তি ওলাইছে বুলি ধৰিব পাৰি। কিন্তু আন শব্দ নলৈ কেৱল কক্ষে’ শব্দ কিয় দ্বিতীয়া বিভক্তি স্বৰূপে লােৱা হল তাৰ কাৰণ বিচাৰি পােৱা নাযায়। সেই কাৰণে এই মত গ্ৰহণ কৰাত সংশয় হয়। (গ) Dr. Kellog তেওঁৰ হিন্দী ব্যাকৰণত ডাক্তৰ হৰ্ণলিৰ মতকে অনুসৰণ কৰি কয় যে হিন্দী কো, কৌ আদি বিভক্তি সংস্কৃত সপ্তম্য পদ কক্ষেৰ পৰা আহিছে। John Beamesএও এতিয়া এই মত স্বীকাৰ কৰে। আমি হলে কিম্ শব্দৰ দ্বিতীয়া একবচনৰ পৰা এই বিভক্তি আহিছে বুলি ভাবাে। | (ঘ) কছাৰী আৰু গাৰে। দ্বিতীয়া বিভক্তি (accusative post-position) ১। See Hornle'sComparative Grammar of the Gaudian Language, ৪.83, p. 994 ২। যে কালো, হেমচ, ২১৭ ৩। মায়া কো’, হেমচ, ২১ ‘কাণাং খ। কাত্যা, ৩০ ৪। মধভা, হেচ. ১১৮৭ ৫। ভিনে’, চে, ৪৩৩৪ ; উদাহৰণ-উপৰি, তলে। ৬। Kellogg Hindi Gramm, $ 195, p. 180.