পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | কিম্ শব্দ প্রাকৃত ১মা আৰু দ্বিতীয়া বিভক্তিৰ একবচনত যথাক্রমে কো আৰু কম হয়। অপভ্রংশত ‘কিম্ শব্দৰ ঠাইত ‘কাই’ বা ‘কৱণ হয় আৰু প্রথমা আৰু দ্বিতীয়াৰ একবচনত কৰণু আৰু চতুৰ্থীৰ একবচনত কৰণহে’ হয়। এই কণ’ আৰু কৰণহে'ৰ উকাৰ আৰু হে লােপ হলে হিন্দী ‘কে’ আৰু ণ লােপ হলে ‘কে’ পােৱা যায়। তাৰ পৰা অসমীয়া ‘ক’ দ্বিতীয়া আৰু চতুর্থ বিভক্তিৰূপে ওলাইছে বুলি সহজে ভাবিব পাৰি। অপভ্রংশত ভ্যৰ ঠাইত ‘হুং' হয়। তেনেকৈ কৱণহুং শব্দ পােৱা যায় আৰু তাৰ পৰা কহুং = কই, কহে ওলায়। অপভ্রংশৰ এইবিলাক শব্দৰ পৰা পুৰণি অসমীয়াৰ ক, কু, কহু সহজে উলিয়াব পাৰি। পুৰণি অসমীয়াৰ উদাহৰণ :- সর্পক আজোৰে যেন গৰুড়ে।-শঙ্কৰ। সনক সনদ যােগী যাহাকু ধিয়ায়। সকল নিগমে যাকু বিচাৰি নাপায়।—মা. দে, সৱকহু মাৰি পূৰত ওহি উদৰ | নাহি কৰত ভূত দায়া।—শঙ্কৰ যশােৱাকু সুন্দৰী কুচকহেঁ। ধৰি হৰি বয়নে কয়াে স্তনপান।-মা. দে.. (ক) এই ‘ক’ দ্রাবিড়ী ‘কুৰ ৰূপান্তৰ নহয়। Dr. Caldwellএও এতিয়া স্বীকাৰ কৰিছে যে হিন্দী-কো’ সিন্ধী-খে’ আদি সংস্কৃতমূলক ভাৰতীয় ভাষাৰ কৰ্ম-কাৰকৰ বিভক্তি দ্রাবিড়ী ভাষাতে ‘কুৰ ৰূপান্তৰ নহয়। তেলেগু, তামিল, সিংহলী আদি সকলাে দ্রাবিড়ী ভাষাতে ‘কু সম্প্রদান-কাৰকৰ চিন বা চতুর্থ বিভক্তি। ইমান কি দ্রাবিড় ভাষাৰ লগত সম্বন্ধ থাকা প্রাচ্য তুর্কী ভাষাতত কে, ক, গে, গ, ঘ সম্প্ৰদানৰ বিভক্তি। তুর্কী ভাষা বহুত অতীত কালতে দ্রাবিড়ী ভাষাৰ পৰা পৃথক হৈছে। এনে স্থলত দ্রাবিড়ী ভাষাই ১। ‘কিমঃ কস্ এসােশ'। হেমচ, ৩৭১। কিম কো ভতি আদৌ এসাে পয়ােঃ ।। ২। ‘কিম কাইকরণে '। হেমচ, ৪৬৭। যেনে, করণ বণ . কা ঘৃণা। ৩। স্যামােৰস্যোৎ'। হেমচ, ৪৩৩১; cf, also হেমচ. ৪৩৯৫। যেনে, কণু গুণ =স. ক গুণ। ৪। cf. হেমচ, ৪২৫; অপ. করণহে দেসিস, কলৈ দাসি। ৫। See Caldwell's Comparative Grammar of the Dravidian Languages, 3rd ed., Pp. 280-281.