পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ বিভক্তি মূল have placed that ship in the waters for the benefit of the son of Tugra.)। ২। দাম্ দেৱাসাে অমৃতায় কম পপু।, খ, ৯১৩৬৮ = তােমাক দেৱতাসকলে অমৰলৈ (অমৰ পাবলৈ) পিছে (Thee the gods have drunk for the love of immortality.)। ৩। সমান অঞ্জঞ্জতে শুভে কম্।', ঋক্ ৭৫৭৩ = সেই আভাৰে (তেওঁলােকে নিজক) শুৱনিলৈ (শুৱনি হবলৈ) বিভূষিত কৰে (with the same hue they adorn themselves in order to shine well.)। ৪। কস্মৈ কম অগ্নিহােত্রং হুয়ত ইতি।, মৈত্ৰায়ণী সংহিতা =কালৈ (কাৰ অৰ্থে ) অগ্নিহােত্ৰ কৰা হয় ? (For whose benefit is the Agnihotra offered ?). | ৫। তেজসে কম্ পূর্ণমা ইজতে।, মৈ. সংহিতা =দীপ্তিৰ অৰ্থে পূর্ণচন্দ্র-যজ্ঞ কৰা হয় (For the sake of splendour the full-moon sacrifice is offered.)। | এই ‘ক’-ৰ পৰা পুৰণি হিন্দী ‘কে’, হিন্দী-কো’, উড়িয়া-কু', পাঞ্জাবী- ‘খে’, বঙ্গালী-‘কে’ আৰু অসমীয়া-ক’ ওলােৱা সম্ভৱ। John Beamesএও পু. হি. ‘কে’, হি. কো’ৰ মূল সংস্কৃত ‘কম্ অর্থাৎ কিম্ শব্দৰ দ্বিতীয়াৰ একবচনৰ ৰূপান্তৰ বুলি ভাবে। তেঁও কয় যে-লিখিত দলিলৰ পৰা প্রমাণ কৰিব পাৰি যে বর্তমান হিন্দী ‘কো’ বাস্তৱিকে কর্ম-কাৰকৰ চিন আৰু ই পুৰণি হিন্দীত কেঁ আছিল আৰু ই আদিতে সংস্কৃত কম্ অর্থাৎ কিম্ শব্দৰ ২য়াৰ একবচন বা কর্ম-কাৰকৰ আকৃতি আছিল। সেই দেখি প্রাকৃতিক আন ভাষাৰ আন আকৃতি ভিন্ন অইন কাৰৰ লগত তাৰ সংশ্রব আছে বুলি ভাবিব নােৱাৰি। অৱশ্যে অসমীয়া ‘ক’ পােনে পােনে ‘ক’ৰ পৰা নামিছে বুলি ভাবিবৰ কোনাে কাৰণ নাই। অপভ্রংশৰ মাজেদি তলত লিখা নিয়মে নামিছে বুলি ভাবিব পাৰি। ১। See Beames Comp. Gramm. of the Modern Aryan Languages of India : Introduction, p. 48.