পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰক চিনৰূপে যােগ হয়। বিভক্তিৰ আকৃতি কেইটাক দুই শ্ৰেণীত ভাগ কৰিব পাৰি,-(১) মৌলিক (simple) আৰু (২) যৌগিক (compound) বিভক্তি। যি বিভক্তি সংজ্ঞা-শব্দৰ লগত যােগ হৈ নিজৰ অস্তিত্ব হেৰুৱায় তাক মৌলিক বিভক্তি বােলে। এ, ক, ৰে, দি, লৈ আৰু ত এই কেইটি মৌলিক বিভক্তি (simple case-affixes)। যি বিভক্তিয়ে সংজ্ঞা শব্দৰ লগত যােগ হলেও নিজৰ আকৃতি অপৰিবৰ্তিত অৱস্থাতে ৰাখে তাৰ নাম যৌগিক বিভক্তি (compound case-affixes)। এনে বিভক্তিয়ে সংজ্ঞা-শৰৰ পাচত এটা পৃথক শব্দৰূপে বহি বিভক্তি নির্দেশ কৰে। কিন্তু এনে অৱস্থাত ই সংজ্ঞা-শব্দৰ সাধাৰণত ৬ষ্ঠ বিভক্তিৰ পাচত যােগ হয়। দ্বাৰা’, সাগি’ আৰু পৰা যৌগিক বিভক্তিৰ আকৃতি। যেনে, ঘৰৰ দ্বাৰা, ঘৰক লাগি, ঘৰৰ পৰা। কোন কোনাে যৌগিক বিভক্তিৰ অস্তিত্ব স্বীকাৰ কৰিব নােখােজ। তেওঁলােকে কয় যে কর্তৃক, হতুৱাই, সৈতে, প্রতি, নিমিত্তে, অর্থে, পর্যন্ত আদি শব্দৰ দৰে তেনে শব্দ যােগ হােৱাত বিভক্তি নির্ণয় হয় মাথােন। যেনে, ৰাম কতৃর্ক (অর্থাৎ ৰামৰ দ্বাৰা), 'ৰামৰ হতুৱাই ৰামে সৈতে, তাৰ বা তাক প্রতি, ৰামৰ নিমিত্তে, ঘৰৰ অর্থে, ঘৰ পর্যন্ত, ইত্যাদি। এইবিলাকৰ দৰে দ্বাৰা’, ‘লাগি’, ‘পৰা’ও বাস্তৱিকে বিভক্তি নহয়। কিন্তু মহাজনসকলে এই কেইটাক বিভক্তি বুলি উল্লেখ কৰিছে। সেই দেখি আমিও কৰিলো। যৌগিক বিভক্তি পৰিত্যাগ কৰিলে অসমীয়া পঞ্চমী বিভক্তি নাথাকে; তেতিয়া ৫মী আৰু ৬ষ্ঠী বিভক্তি একে হয় (৪ ২৪৩)। বডােভাষাত অপাদান কাৰকৰ বিভক্তি অসমীয়াৰ দৰে প্রথমে প্রাতিপদিক পাচত ৬ষ্ঠী বিভক্তি যােগ কৰি আৰু অৰ পিচত স্বতন্ত্র শব্দ-বিভক্তি (post- position) যােগ কৰি নির্দেশ কৰা হয়। যেনে, অসমীয়া কছাৰী চুটিয়া গাৰে। অর্থ প্রথমা বিভক্তি ঘৰ তা নক a house সষ্ট * ঘৰৰ মূ-নি গায়ে নক-নি of a house পঞ্চমী * ঘৰৰ পৰা নৃ নি-ফ্রাই -মাে-বাছাপি নক-ওনি-কো from a house. এই নিয়ম বােপকৰৰ অসমীয়াত ৰক্ষিত হৈছে। ২৫৯। কর্তাকাৰক (Nominative case) যি কাম কৰে বা যি হয় সি কর্তা। কর্তাকাৰকত প্রথম বিভক্তি হয়।