পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব যেনে, ৰাম আহিল ; ৰামে বন কৰিছে। পুৰণি অসমীয়াত কর্তাকাৰকৰ চিন শূন্য বা ‘এ’ (য়ে, বে) আছিল। যেনে, | দেখি জাম্বস্ত বীৰ বিড়ঙ্গ। | লৈলন্ত মাণিক মাৰিয়া সিংহ।—শঙ্কৰ বৈশানপায়ন বদতি শুনিয়াে নৰেশ্বৰ।ৰামস, প্রাদে শিখান্ত গাৱে গােবিন্দৰ গীত।-শঙ্কৰ বর্তমান অসমীয়াত প্রথমা বিভক্তি এ (= য়ে, ৱে , ই বা শূন্য কর্তা- কাৰকত প্রয়ােগ হয়। যেনে সাধুসকলে সজ পথ দেখুৱায় ; লক্ষীএ অনুগ্রহ কৰে; শিশুএ (-ৱে) বা শিশুই কান্দে ; লতাই গছত মেৰাই উঠে; বেলি উঠিল; ইত্যাদি। (ক) অকর্মক ক্রিয়াৰ কৰ্তাত সচৰাচৰ কোনাে বিভক্তি যােগ নহয়। যেনে, ৰাম আছে, গছ পৰিল। কিন্তু হাঁচ, কাল, কাহ, হাঁহ, নাচ, ইত্যাদি কিছুমান অকর্মক ক্রিয়াৰ কৰ্তাত প্ৰথমা বিভক্তি (বা তির্যক বিভক্তিৰ চিন) ‘এ’ যােগ হয় ($ ২৪৫); যেনে, বামে কান্দে। | ২৬০। কর্মকাৰক (Objective case):- যি কাম কৰা যায় বা ক্রিয়াৰ যি ব্যাপ্য তাৰ নাম কর্ম। কর্মকাৰকত দ্বিতীয়া বিভক্তি হয় ; যেনে, বাবণে সীতাক হৰি নিছিল, বাহু উপক তুলি নিসঙ্গ হয় অঙ্গীকাৰ কৰা। ভট্ট দেন। সি ঘৰক যায় ( =হিন্দী— হ ঘৰকো জাতা হৈ=স.-সঃ গৃহং গচ্ছতি)। বৈদিকতাে এনে হৈছিল; যেনে, নহি ৰামস্তি দূৰকে যত্ৰা ৰথেন গচ্ছথঃ। অশ্বিনা সােমিনাে গৃহং ।ঋক্ ১২২৪ (হে অশ্বীদ্বয় ! ৰথেদি য’তে হক মানুহৰ ঘৰক যােৱা; কিয়নাে তােমালােকর পক্ষে ই দূৰ নহয়)। (ক) ‘ক’ যােগ (use of post-position ক’) কর্মপদ বিশেষকৈ সুকীয়াভাবে নির্দেশ কৰিব লাগিলে দ্বিতীয়া বিভক্তিৰ চিন ‘ক’ যােগ কৰা হয়; অন্যথা হলে তেনে কৰা নহয়। এই নিয়মৰ বিষয়ে ইয়াকে কব পাৰি যে জ্ঞানী জীৱৰ জাতি, সম্বন্ধ নামবােধক শব্দ কর্ম হলে তাত ‘ক’ যােগ হয়। যেনে, এনে কানীয়াক কোনেও বিশ্বাস নকৰে; ৰামক মাতিছে, ইত্যাদি। কিন্তু (১) জ্ঞানহীন জীৱ, (২) অচেতন