বিভক্তি | ১৫৫ (ঙ) ‘এ’ যােগ হলে পদান্তৰ উ, ঊ,ও, ঔ-ৰ পাচত ব’ আৰু ই, ঈ, , এ, ঐৰ পাচত ‘য় হয় ($ ৬৫)। যেনে, শিশুৱে, সকলােৱে, সঙ্গী (য়ে), ডুবেয়ে, পিতৃএ (য়ে), ইত্যাদি। | (চ) সেইদৰে পদাৰ অকলশৰীয়া ও আৰু ‘এ’ৰ ঠাইত যথাক্রমে ব’ আৰু য় হয় (৪৬৫)। যেনে, গাওঁ—গাঁৱে। তির্ষক একবচনত বিয়ে হয়। যেনে, গাওঁক বা গাঁৱক, গাওঁৰ বা গাঁৱৰ, ইত্যাদি। (ছ) অনুস্বাৰান্ত শব্দৰ অনুস্বাৰৰ ঠাইত তির্যক একবচনত সদায় ‘’ বা ‘জ হয়। যেনে, ঠেঙে বা ঠেছে; ঠেক বা ঠেক; ইত্যাদি। (জ) তির্যক একবচনত ব্যঞ্জনা শব্দৰ পাচত অ’ যােগ হয়। যেনে, কুকুৰ, কুকুৰক, কুকুৰৰ, কুকুৰত, ইত্যাদি। (২) দ্বিতীয় বিভক্তি ( Accusative case-affix) (ক) মানুহ আৰু দেৱতা বাচক বা ডাঙৰ বস্তু বুজুৱা শব্দৰ পাচত দ্বিতীয়া বিভক্তিৰ চিন ‘ক’ যােগ হয়। যেনে, ক্ষত্রিয়ক কাটিল পৰ কৰে ধৰি।শঙ্কৰ। মথুৰাক আসি ৰামে সমে আলােচিলা।—শঙ্কৰ (খ) ইতৰ জন্তু বা বস্তু বুজুৱা শব্দত সাধাৰণতঃ ‘ক’ যােগ নহয়। যেনে, কলম কাটে (mends the pen ), মাছ মাৰে (catches fish), ইত্যাদি। কেনে মাটি খাইলি অৰে গােপাল। কোবাই আজি তােৰ ফাড়িবাে ছাল ॥—শঙ্কৰ (৩) তৃতীয়া বিভক্তি (Instrumental case-affix) (ক) ‘এ’ ৰ প্রকৃতি প্রথম বিভক্তি ‘এ’ৰ অনুৰূপ। যেনে, কোন কর্মে পাৱে সংসাৰ পাৰ।-শঙ্কৰ | (খ) পুৰণি সাহিত্যত প্রথম বিভক্তিত সাধাৰণতঃ ‘ই’ নহয়, কিন্তু তৃতীয়াত হয়। যেনে, প্রলয় অপায় তাৰিলা লীলাই।—শঙ্কৰ বৰাহ শৰীৰি পৃথিবী উদ্ধাৰি।-শঙ্কৰ ঘােড়ায় সহিতে পেলাইলা মাৰি।-শৱৰ
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৮১
অৱয়ব