পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২ অসমীয়া ব্যাকৰণ আৰু ভাত। কছাৰী ভাষাৰ বহুবচনৰ প্রত্যয় (suffix)। যেনে, ক. দং (bridge); দলংফুৰ (bridges)। কছাৰী ফুৰ অসমীয়া বােৰৰ পৰা ওলাইছে বুলি ভাবিবৰ কোনাে কাৰণ নাই। বুৰঞ্জীৰ পৰা না যায় যে কছাৰীসকল পূর্ব আসামৰ অতি আদিম জাতি। তেওঁলােক তিব্বতীয়া জাতি আৰু তিবতৰ ফালৰ পৰা আসামলৈ নামি আহিছে বুলি জাতিতত্ত্ববিদ পণ্ডিতসকলে সিদ্ধান্ত কৰিছে। কিন্তু এই উপনিবেশ ইতিহাসৰ কালৰৰ আগৰ হব পায়। কছাৰীসকলে আগেয়ে ফুৰ ব্যৱহাৰ নকৰি আন কিবা প্রত্যয় বহুবচন বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছিল বা তেওঁলােকে আগেয়ে বহুবচনৰ ভাব প্রকাশ কৰিব নাজানিছিল, এনেও ভাবিব নােৱাৰি, কিয়ন কছাৰী সভ্যতাৰ বহুত প্রমাণ আসামত বিদ্যমান। আদিতে কছাৰীসকলে এই ফুৰ প্ৰত্যয় অসমীয়াৰ পৰা ধাৰ কৰি নিয়াও সম্ভৱপৰ নাছিল, কিয়নাে এই শব্দ বা বােৰ অসমীয়া ভাষাত আগে নাছিল। এইবিলাক কাৰণৰ পৰা এনে অনুমান হয় যে ফুৰ শৰ কছাৰী জাতিৰ স্বকীয় কথা আৰু তাৰে পৰা অসমীয়া ‘বােৰ' প্রত্যয় ওলাইছে। খাছিয়া ভােৰ (one of a multitude) শব্দেও কেতিয়াবা বহুবচনৰ অৰ্থ প্ৰকাশ কৰে। যেনে, পাই (cowd) ; পাইদভুৰ (common ignorant people)। এই খাছিয়া ভােৰ বা ভুৰ আৰু কছাৰী ফুৰ সম্ভৱতঃ একে শব্দ। অসমীয়া গাঁৱলীয়া মানুহেও কেতিয়াবা বােৰ বুলি ভােব বােলে। এই কথা পাহৰিব নালাগে যে কছাৰীসকলে অসমীয়া মানুহ আৰু তেওঁলােকক আসামৰ য’তে ত’তে পােৱা যায়। এতেকে ভাবিব পাৰি যে অসমীয়া বােৰ প্রত্যয় কছাৰী ফুৰৰ হে বিকৃতি। তিক চিন (Oblique termination): প্রাকৃতিক বর্তমান ভাষাসৱত শৰৰ তিৰ্ষক আকৃতি (oblique form) বা বচন (যেনে, হিন্দী ‘ঘােড়েকা এই শব্দত ঘােড়েৰ একাৰ, অসমীয়া ‘আমালােক এই শব্দত আমিৰ ঠাইত আমা), সংস্কৃত আৰু প্রাকৃত ভাষাৰ সম্বন্ধ পদৰ (বা যষ্ঠ ১ See An Outline Grammar of the Kachar language, by Rev. Mr. s. Endle. | ২ See Dalton's Ethnology of Bengal, pp. 77-89. ৩ Sce Lt. Col. Waddel's Anthropology in J.A.S.B, Vol. Lxix, Part III.