বচন ১৩৩ বিভক্তিৰ) লগত মিলে, অর্থাৎ প্রাকৃতিক ভাষাৰ তির্যক বচন চিন সংস্কৃত আৰু প্রাকৃত ভাষাৰ ষষ্ঠ বিভক্তিৰ চিন মাত্র। স্বৰ-বিকৃতিৰ নিয়মে বর্তমান প্রাকৃতিক ভাষাৰ তির্যকবচনৰ প্ৰত্যয় সংস্কৃত আৰু প্ৰাকৃতৰ সম্বন্ধ পদৰ চিনৰ পৰা নমাই আনিব পাৰি ( ২৪১)। আমি পাচত দেখুৱাম ($$ ২৬৭-২৭৬) যে উক্ত ভাষাবিলাকৰ বিভক্তি বা বিভক্তিৰ চিৰাশি (case-ahres) বাস্তৱিকে সংজ্ঞা-শব্দ আৰু সিবিলাকক সম্বন্ধ-পদৰ শেষত যােগ কৰা হয়। ইয়াতে কৈ থােৱা উচিত যে সংস্কৃতৰ সাতােটা বিভক্তিৰ ভিতৰত প্ৰাকৃতত প্রথমে ৪থী বিভক্তি তেনেই লােপ হল আৰু তাৰ ঠাই ষষ্ঠ বিভক্তিয়ে অধিকাৰ কৰিলে। তাৰ পৰবৰ্তী কালত প্রাকৃতত আন আন বিভক্তিও লােপ হল, কেৱল প্রথমা আৰু ষষ্ঠ (কর্তা আৰু সম্বন্ধ পদৰ চিন) পৃথক হৈ থাকিল। এই কর্তা আৰু সম্বন্ধপদৰ প্ৰথমটো সৰল আকৃতি (direct form) আৰু দ্বিতীয়টো তির্যক আকৃতি (oblique form)। শেষৰ কালত প্রাকৃত এই সকলােকে একাকাৰ কৰিব খোেজা নিয়মে অপভ্রংশ আৰু আন প্রাকৃত আৰু বর্তমান প্রাকৃতিক ভাষাসৱত সাতােটা বিভক্তিকে এটাত পৰিণত কৰিব ধৰিছিল অর্থাৎ ষষ্ঠী বিভক্তিৰ দ্বাৰা সকলে বিভক্তিৰ কাম চলােৱা হৈছিল। যেনে, ১লা : (১) মে কুখু ভিকশকে শামি শিতাকে কি শােহজে। পিণে উদৱৱৱ ৱিলে দুলে কলু পলিমজানুণে। মৃচ্ছক. ৩' (সুজনঃ খলু ভৃত্যানুকম্পক স্বামী নিৰ্দ্ধনকোহপি শােভতে। পিশুনঃ পুনদ্ৰগৱিতত দু বন্দু পৰিণামদাৰুণঃ।) ১ “চতুর্থাঃ যষ্ঠী। হেমচ, ৩১৩১; কাত্যা, ০১৭ যথা, এ. ণমাে দেৱস, নমাে দেয়। এ-সখি গােবমূহুণাণং চ গমে হৰিণং চ। =-খস্তি গােৰাণানাং চ নমাে হৰিহৰয়ােঃ। “কটি চিতীয়াছে। হেমচ, ৩১৩৪ (দ্বিতীয়াহীনাং বিকীনাং থানে যষ্ঠিী অতি কচিৎ)। যেনে, সীমাধব ম=ে -গীমাধব বলে। ধন লয়ােস, ধনেন লঙ্ক। চিশ মূকা, চিণে মূল। চোৰ বিহুইল চোৎ বিলেতি। পিইটিএ কোৰােশ পৃষ্ঠে কেশ। 17
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৫৯
অৱয়ব