পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ-বিকৃতিৰ সাধাৰণ নিয়ম শিহা wick, প্রা. সিহা, স. শিখা; শেৱালী a kind of lower প্রা. সেভলী, সেহালী, স. শেফালী; শুৱনি beautiful, প্রা. সােহন, স. শােভন (ব. ২০১৫)। এই পৰিবৰ্তনৰ নাম “লঘূৰণ” (reduction) দিব পাৰি। (৩) প্রাকৃতত কেতিয়াবা ‘য় আৰু ৰ স্বৰত পৰিণত হয়। অসমীয়াত এই নিয়ম তাতােকৈ বেছি বিস্তৃত। যেনে, পিয়া drunk, প্রা. পীঅম, পীয়লং, পীঅল, স. পীত; বালীদৈ wife of Bali, প্রা. বালীদঈআ, স, বালীদয়িতা (cf. হেমচ, ৪৩০৩); দুৱাৰ door, প্রা. দুআ , স, দ্বাৰম্ (হে. ১৭৯); দেউল, দ’ল a temple, প্রা. দেউল, দেউলং, স, দেৱকুলম্ (হেমচ. ১২৭১); জেঠাল husband's elder brother, প্রা. জেঠয়ৰৰ, স. জ্যেষ্ঠতৰঃ (হে. ২১৭২); আওতনি, আৱতনি circular motion, eddy, প্ৰা আৱৰ্ত্তণ, স. আৱৰ্ত্তন (হে. ২১৩০)। এই বিকৃতিৰ নাম “স্বৰলৈ পৰিবর্তন” বা “স্বত্ব প্রাপ্তি” (vocalisation)। (৪) প্রাকৃত শব্দৰ আদিতে থকা য’ ‘জ’ হয় (হেমচ, ১২৪৫)। যেনে, জসাে fame, স. যশ, অস, যশ ; জমাে Pluto স. যম, অ, যম। অসমীয়াতত কেতিয়াবা তেনে হয় আৰু শব্দৰ আদিতে থকা “” সদাই ব হয় ( $৩২)। যেনে, জধা as surely as (strong form of assertion), প্রা.জধা, স. যথা; বিত property, বৈ. ৰীতি, স, বিত্ত, (ঋক্‌ ১১২৯)। স’, ‘শৰ ঠাইতত চ, ছ হয়। এই পৰিবৰ্তনৰ নাম “কঠিনলৈ পৰিবর্তন” বা “কঠিন-প্রাপ্তি” (hardening)। | (৫) প্রাকৃতত প্ৰায়ে ট, ড আৰু ব ভিন্ন অল্পপ্রাণ বৰ্ণ আৰু য, ব লােপ হয় (হে. ১১৭৭)। কিন্তু অসমীয়াত এইবিলাকত বাদেও ন, ম, র, ল, য, স আৰু হ লােপ হয়। উদাহৰণ তলত দেখা (ঃ ১৬৮-১৭৫)। এই বিকৃতিৰ নাম “বিলােপ’ (elision; $ ৮৩)। | (৬) প্রাকৃতত বৰ্ণৰ স্থানৰ পৰিবর্তন হয় (হেমচ, ২১১৬-১২৪)। যেনে, প্রা. বাণাৰসী Benares, স. বাৰাণসী; কণেৰ elephant, স. কৰেণু। অসমীয়াতত তেনে হয়; যেনে, অথিতি guest, স. অতিথিঃ। এই বিকৃতি নাম “ব্যত্যয়” বা “স্থিতিপৰিবৃত্তি” (transposition)।