পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব এক ৰকম অর্ধ মূর্ধন্য বর্ণ আদিম আর্য ভাষাত চলিত থাকিব পায় ; কাল- ক্রমে সিয়ে দুই শ্রেণীত বিভক্ত হৈ প্ৰকৃত দন্ত্য আৰু মূর্ধন্য বর্ণ হ’ল। ৰ, ল, স আৰু য’ৰ আলােচনা তলত দেখা ($ ৩২।৩৩)। ৩০। ওষ্ঠ্য বর্ণ (Labials )—প, ফ, ব, ভ, ম, ৱ আৰু স্বৰৰ উ, ঊ এই কেইটি ওষ্ঠ্য বর্ণ। তলৰ ওঠ আনি ওপৰৰ ওঠত লগ লগাই আমাৰ খাস বন্ধ কৰিলে ‘প’ৰ ধ্বনি বা হাই (noise) ওলায়। তাক স্পষ্ট কৰিলে ব’ ওলায়। “প’ আৰু ‘ব’ৰ পাচতে নেৰা-নেপৰাকৈ হ'ৰ উচ্চাৰণ কৰিলে যথাক্রমে ‘ফ’ আৰু ‘ভ’ ওলায়। সংস্কৃত উপাখানীয় (প ফ2) অসমীয়াত নাই। ৩১। অনুনাসিক বর্ণ ( Nasals)—বর্গীয় পঞ্চম বৰ্ণৰ ভিতৰত ‘গ’ৰ ব্যৱহাৰ অসমীয়াত কম; কিন্তু , ঞ আৰু নৰ ব্যৱহাৰ বেচি। হিন্দী, বঙ্গালী আদি ভাষাত ও অকলশৰে কদাচিত হে ব্যৱহৃত হয় , সেই সেই ভাষাত ‘’ প্ৰায়ে ক বর্গৰ আন কোনাে বৰ্ণৰ লগত যুক্ত হৈ আগত বহে। অসমীয়াত হলে ‘’ৰ সুকীয়া ব্যৱহাৰ প্ৰচুৰ দেখা যায় ; যেনে, হিন্দী—মঙ্গল, গঙ্গা (উ-মংগল, গংগা) অ. মঙ্গল (মঙল), গঙ্গা (গঙা ); ডাঙ্গৰ ( ডাঙৰ) ; কোঙ্গা (কোঙা ) ; চুঙ্গা (চুতা)। ভ’ৰ স্বকীয় ব্যৱহাৰ সিন্ধীততা যথেষ্ট আছে। যেনে- সংস্কৃত | হিন্দী সিন্ধী অসমীয়া পৃ (hom) সিংগ (সি) সিঙ শিঙ। | অঙ্গন (courtyard) অংগন (অন) অঙনু অঙন (?) অঙ্গাৰ (charcoal) অংগাৰ (অাৰ) অঙৰ আঙাৰ, ইত্যাদি। সেইদৰে ‘ঞৰ সুকীয়া ব্যৱহাৰ অসমীয়াত যথেষ্ট দেখা যায় ; যেনে— ভূঞা, তিহ, কুঞা, কা ইত্যাদি। পুৰণি অসমীয়াতত তদ্রুপ ; যেনে “হে অচ্যুত! অয়ি উভয় সেনাৰ মধ্যত মােৰ ৰথক থাপিয়াে, জাৱে যুঝন্তা | বিৰসৱ চাঞো ; বুলিবা তুমি যুঝন্তাসে যুদ্ধ-চাৱা নহা, তাত শুনা, মঞি কাৰ সমে এই সগ্রাম মাঝত যুদ্ধ কৰিম”•••( ভট্টদেৱ )। বঙ্গালী, উড়িয়া আদি ভাষাত ‘ঞ ৰ এনে ব্যৱহাৰ কদাচিত হে দেখা যায়। হিন্দীত এনে ব্যৱহাৰ কঞ্চিত আছে। মাগধী প্রাকৃতত ‘ঞ ৰ সুকীয়া ব্যৱহাৰ যথেষ্ট Hindi ১। Hornle: Comp. Gramm, $ ia. See also kallogg Grammar, p. 38. ২। Beams : Comp. Gramm, vol. I, p. 78.