পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চাৰণ আছিল। ডাক্তৰ হৰ্ণ লিয়ে অনুমান কৰে যে শেষৰ কালত তাৰ ব্যৱহাৰ মাং কমি আহিছিল আৰু মহাৰাষ্ট্র-শৌৰসেনীত নাইকিয়া হৈছিল। অনুনাসিকৰ ভিতৰত কেৱল ন আৰু ম হে সুকীয়াকৈ আৰু শৰৰ য’তে ত’তে বহে; যেনে—মাতৃ, নাম ইত্যাদি। ঙ, ঞ আৰু ৭ শব্দৰ আদিতে কেতিয়াও নবহে আৰু ণ কেতিয়াও শেষ বর্ণ হ’ব নােৱাৰে। অসমীয়াৰ দৰে সংস্কৃতত প্ৰত্য, কী আদি শব্দত ‘’ শেষ বর্ণ স্বৰূপে বহা দেখা যায়। ণ টোক কেৱল শব্দৰ মাজত হে পােৱা যায়। ই মূর্ধন্য বৰ্ণৰ আগত বহে নাইবা ঋ, র, ষ এই কেই বৰ্ণৰ পিছত দন্ত্য ন-ৰ ঠাই অধিকাৰ কৰে। শেষােক্ত নিয়ম স্বৰবৰ্ণ, ক-বর্গ, প-বর্গ, য, ব, হ আৰু ং ( অনুস্বাৰ) মাজত ব্যবধান থাকিলেও খাটিব। | ৩২। অন্তঃস্থ বর্ণ (Semi-vowel)-ওপৰত কৈ অহা হৈছে ( ২৪) যে বাগযন্ত্রৰ পৰিশ্ৰমী আৰু নিশ্চেষ্ট অংশ স্পষ্ট হােৱাৰ ফল স্বৰূপে বগীয় বর্ণ উচ্চাৰিত হয়। এই দুই অংশ ঈষৎ স্পৃষ্ট হলে অন্তঃস্থা বর্ণ ওলায় আৰু বাগযন্ত্র বিবৃত (খােল) বা ঈষদ বিবৃত ( অস্পৃষ্ট) থাকিলে উষ্ম বর্ণ উচ্চাৰিত হয় ($ ২৪)। | ‘ৰৰ উচ্চাৰণ সাধাৰণতঃ মূর্ধন্য। ল’ৰ উচ্চাৰণ দন্ত্য । কিন্তু কেতিয়াবা মূর্ধন্য হয়। উভয় আখৰেই অল্পপ্রাণ। ইহঁতৰ মহাপ্রাণ বর্ণ যথাক্রমে ‘ই’ আৰু লহ’। আমি ‘পঢ়া’, ‘বুঢ়া আদি শব্দৰ ঢ’ৰ ঠাইত বাস্তৱিকে ‘ই’ উচ্চাৰণ হে কৰে; অর্থাৎ অসমীয়া ‘ঢ’ৰ উচ্চাৰণ আজিকালি প্রায় দন্ত্য, মূর্ধন্য নহয়। পণ্ডিতসকলে কয় আদিতে ৰ' মূর্ধন্য বর্ণ আছিল। সংস্কৃত নৰ, নাৰায়ণ, ৰাত্ৰি আদি শব্দৰ ৰ’ দন্ত্য নহয়, মূর্ধন্য হে আছিল। তেতিয়া তাৰ মহাপ্রাণ বর্ণ অর্থাৎ মূর্ধন্য ‘ঢ’ নিশ্চয় আছিল। এই ‘ঢ় কোনাে এসময়ত অসমীয়াত থকা সম্ভব। বৈদিক যুগতে ‘ৰ মূর্ধন্য হে আছিল বুলি বােধ হয়, কিয়নাে ণত্ব বিধানৰ নিয়মমতে বৰ পাচত থকা দন্ত্য ন মূর্ধন্য ‘ণ’ হােৱা নিয়ম আদিৰেপৰা চলি আহিছে। শেষৰ কালত ই মূর্ধন্য গুচি দন্ত্য বৰ্ণৰ ওচৰা-ওচৰি হৈছিল। ঋখেদ প্রাতিশাখ্যৰপৰা জনা যায় যে ব’টো কেতিয়াও মূর্ধন্য নাছিল ; কেৱল ১। হেমচ, ৪২৯৩। ২। Home : Comp. Gramm, p. ii; So also footnote to $ ii. ৩। Homle: Comp. Gramm, 3 18.