উচ্চাৰণ উভয় বর্ণ-বিন্যাস পােৱা গৈছে ; যেনে—‘ডসং' বা ‘দসং = দহ (ten )। এই অদল-বদল পুৰণি অসমীয়া সাহিতৰ অনুৰূপ আৰু ই বর্তমান অসমীয়া উচ্চাৰণৰ পৰিচায়ক। বঙ্গালীৰ দৰে জোৰ কৰি মূর্ধন্য আৰু দন্ত্য বৰ্ণৰ উচ্চাৰণ কৰা অভ্যাস অসমীয়াৰ নাই। বাস্তবিকে ভাষাৰ ক্ৰমবিকাশ হৈ পালি প্রাকৃত আদিৰ মাজেদি অহা প্রাকৃতিক ভাষাৰ দন্ত্য আৰু মূর্ধন্য বর্ণব সূক্ষ্ম পার্থক্য থকা অসম্ভৱ আৰু অসমীয়া ভাষাত নাই। ইংৰাজী ত, দ আদিৰ উচ্চাৰণ অসমীয়াৰ নিচিনা। বৈদিক যুগতে বর্তমান মূর্ধন্য উচ্চারণ নাছিল। তেতিয়া ইংৰাজী t d, n-ৰ নিচিনা ট, ড আৰু ৭ উচ্চাৰিত হৈছিল, কেৱল জিভাৰ আগটো ঘূৰাই অলপ তালুৰ ফাললৈ নিয়া হৈছিল। প্রাতিশাখা মতে দন্ত্য বর্ণবিলাক বাস্তৱিকে মূর্ধন্যৰ ফালে ঢাল খােৱা দন্ত্যবর্ণ আছিল আৰু সিহঁত দন্ত্য-মূলত উদ্ভৱ হৈছিল অর্থাৎ জিভাৰ আগটোৱে দাতৰ আগ নহয় গুৰি হে স্পর্শ কৰিছিল। ইয়াৰপৰা বুজিব পৰা যাব যে অসমীয়া দন্ত্য বৰ্ণৰ উচ্চাৰণ বৈদিক দন্ত্য বৰ্ণৰ অনুৰূপ। | প্ৰফেচাৰ মনিয়েৰ উইলিয়মচে (Prof. Monier williams ) কয় যে সংস্কৃতত থকা মূর্ধন্য বর্ণ আদিতে অনার্য জাতিৰ মাজত হে চলিত আছিল। হিন্দুসকলে এই উচ্চাৰণ অনার্য জাতিৰপৰা ধাৰ কৰা যেন লাগে। মূর্ধন্য বর্ণ দ্রাবিড়ী (যেনে তেলেগু, তামিল) ভাষাৰ প্রধান বিশেষত্ব আৰু আর্য ভাষাৰাশিৰ ভিতৰত কেৱল ভাৰতীয় ভাষাত হে মূর্ধন্য বর্ণ প্রচলিত থকা দেখা যায়। এতেকে হিন্দুসকলে দ্রাবিড়ী ভাষাৰপৰাই মূর্ধন্য বর্ণ ধাৰ কৰা সম্ভৱ। প্ৰফেচাৰ মেনেলাে এই মতৰ পক্ষপাতী। তেওঁ কয় যে হিন্দু-ইৰাণ সমাজ একে লগে থকা যুগত মূর্ধন্য বৰ অস্তিত্ব নাছিল ; আৰু ভাৰতীয় আর্যসকলেহে শেষত মূর্ধন্য বৰ্ণৰ উচ্চাৰণ গ্ৰহণ কৰিছিল। ঋখেদত মূর্ধন্য বৰ্ণৰ ব্যৱহাৰ বৰ কম। তাত আদি বর্ণ কেতিয়াও মূর্ধন্য নহয়। শব্দৰ মাজত, আৰু শেষতহে তেনে বর্ণ পােৱা যায়। ডাক্তৰ হৰ্ণলি আৰু জন্ বিচে এই মত স্বীকাৰ কৰিব নােখােজ। তেওঁলােকে কয় যে কোনাে ১। Kachchayano's Pali Grammar, B. 1. Page 18 ( 3) ২। Macdonel's vedic Grammar, p. 16 (৪ 15). । ৩। bid, p. 17 ( 18). ৮। S০ his Sans. Grammar, p. XXIV. Also Caldwell Comp, Gramm, of Davidian Languages. ৫। See his vedic Grammar, p. ৪ (১),
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪৯
অৱয়ব