উচ্চাৰণ অসমীয়াই কর্কশ আৰু কোমল ছ, চ উভয়ৰে উচ্চাৰণ কৰে। কিন্তু ইহঁতৰ ভিতৰত পার্থক্য ধৰা বৰ সহজ নহয়। জিভাৰ আগ পাতৰ ফালে আগবঢ়াই দি খাস উলিয়ালে ‘চ’ৰ উচ্চাৰণ হয় আৰু তাক স্পষ্ট কৰিলে হয়। ‘চ’ আৰু জৰ পাছত একে লগে ‘হ’ৰ উচ্চাৰণ কৰিলে যথাক্রমে ‘হ আৰু ঝ’ হয়। জিভাখন ওপৰফালে কুজ উলিয়াই কোচাই নি তালু আৰু মূৰ্ধাৰ মাজখিনিৰ ওচৰ চপাই সেই সংকীর্ণ বাটেদি খাস উলিয়ালে ‘ছ’ৰ উচ্চাৰণ ওলায়। সেই অৱস্থাতে জিভা অলপ চিলাই দি শাসৰ ধ্বনি পুষ্ট কৰিলে য’ ওলায়। য’-ক (কেতিয়াবা ‘জ ক). উপযুক্তৰূপে অনুনাসিক কৰিলে ‘ঞ হয়। যেনে—কয়। (কা), কুয়া (কু), ভূয়। (ভূঞা) ইত্যাদি। ইয়াৰ উচ্চাৰণ কেতিয়াবা অনুনাসিক (nasalised) ও’-ৰ উচ্চাৰণৰ লগত মিলে; যেনে-“ক”, “খ” (ব কওঁ, থওঁ )নামমালিকা। জিভাখন কেঁচাই নি কাষ চপাই ওপৰ পাতৰ গুৰিত জিভাৰ আগৰ তলিখান লাগে লাগে কৰিলে জিভাৰ তল দেখা যায় ; তেতিয়া খাস বাহিৰ কৰিলে সংযুক্ত ‘শ’ৰ উচ্চাৰণ ওলায়; যেনে , শ্রেণী, পশ্চিম, ইত্যাদি। ছ’-ৰ উচ্চাৰণ অলপ কোমল কৰিলে বা ‘চ’ৰ উচ্চাৰণ কৰিলে ইয়াৰ ওচৰ চাপে। অকলে থাকিলে ‘শ’-ৰ উচ্চাৰণ অসমীয়া ‘স’ৰ দৰে হয় ; যেনে—শিং, শিৱ, ইত্যাদি। বর্ণবিন্যাসৰ ভুলত প্রাকৃত ‘স’ৰ দৰেও উচ্চাৰিত হয় : যেনে-পঞ্চাশ, ত্রিশ, ইত্যাদি। পালি আৰু প্ৰাকৃতত ‘শ’-ৰ পৃথক উচ্চাৰণ নাই। এমনকি শ'-ৰ ব্যৱহাৰ একেবাৰে নাই বুলিলেও হয় ( ১১)। সেই দেখিয়ে হব পায় অসমীয়াত ইয়াৰ পৃথক উচ্চাৰণ নাই। শ’ৰ বিশেষ লক্ষণ তলত দিয়া হ’ল (৪ ৩৩)। | ২৯। মুধন বর্ণ (Cerebrale ), দন্ত্য বর্ণ (Dental)—ট, ঠ, ড, ঢ, ণ, য আৰু স্বৰৰ ঋ এই কেইটি মূর্ধন্য বর্ণ আৰু ত, থ, দ, ধ, ন, প, ল আৰু স এই কেইটি দন্ত্য বর্ণ। জিহ্বা দ্বাৰা কঠিন তালুৰ মাজখিনিতে আঘাত কৰিলে মূর্ধন্য বর্ণ আৰু ওপৰ দাতৰ আগত আঘাত কৰিলে দন্ত্য বৰ্ণৰ উচ্চাৰণ হয়। মূর্ধন্য বৰ্ণৰ উচ্চাৰণ টান; দন্ত্য বৰ্ণৰ সহজ আৰু কোমল। অসমীয়াই দ্য বৰ্ণৰ হে সচৰাচৰ উচ্চাৰণ কৰে। কিন্তু সেই বুলি যে অসমীয়াই ১। মাগধী প্রাকৃতত ‘গ’ ব্যৱহাৰ আছিল। ই ‘স’-ৰ ঠাই অধিকাৰ কৰিছিল ; যেনে-শে; মেশে , এষ মেষ ( That is a ram)। হ=েস, হংস : (goose)। 10
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪৭
অৱয়ব