১৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব মুখ-গহবৰৰ বায়ু কণ্ঠৰ লগে লগে কম্পিত হােৱাৰ কাৰণে মাত ডাঙৰ হয় আৰু তেতিয়া আমি তাক শুনিবলৈ পাওঁ। মানৱ বাগযন্ত্ৰৰ বিষয়ে সংক্ষেপে ইয়াকে কব পাৰি :- | ১৯। বুক (thorax) অৰু পর্দাছাল (diaphragm)ৰ মাজত আমাৰ হাওঁফাওঁ থাকে। তাত কণ্ঠনালী বা ঢােৰ (trachea)-ৰ নিয় অংশ আহি লাগিছে। বুকৰ মাংসপেশী আৰু পর্দাছালে ফুচফুচত হেঁচা দি হাঠিন। (bellow)-ৰ কাম কৰে অর্থাৎ কণ্ঠনালী দি বতাহ উলিয়াই দিয়ে বা ভিতৰলৈ নিয়ে। কণ্ঠনালীৰ (trachea) ওপৰ মূৰৰ নাম কণ্ঠ-দ্বাৰ ( বা glottis )। কথা কওঁতে ইয়াৰ মুখ খুলি যায় আৰু আৱশ্যকমতে জিভাৰ গুৰিত লাগি থকা গিলিপ খানে (epiglottis ) এই কণ্ঠদ্বাৰ বন্ধ কৰিব খােজে। কোনাে বস্তু খাওঁতে কথা কলে কণ্ঠদ্বাৰ কেতিয়াবা মেলা যায়। তেতিয়া খােৱা বস্তু তাত সােমালে আমি বেহু খাও। কণ্ঠদ্বাৰৰ তলতেই আচল কণ্ঠ (larynx) আছে। গলৰ উঠঙ্গা অংশৰ পােণে পােণে আৰু কণ্ঠনালীব পথালি ভাজে কণ্ঠত দুখান ছাল প্রায় লাগালাগি কৰি . থাকে। এই ছালৰ নাম শব্দ-জ্জ্ব (vocal-cords)। ইহঁত কণ্ঠ ( larynx)-ৰ অংশ আৰু ইহঁতৰ প্রত্যেকে কণ্ঠৰ একো কাষে থাকে। কথা কওঁতে মাংসপেশীৰ সহায়ত আমি শব্দ-জ্ঞ দুডাল টান কৰি প্রায় সমান্তৰাল অৱস্থালৈ আনো। তেতিয়া ইহঁত পৰস্পৰ চুওঁ চুওঁ হয় আৰু আমাৰ কণ্ঠ (larynx) প্রায় বন্ধ হয়। সেই অৱস্থাত ফুচফুচৰপৰা বতাহ ঠেলি ইয়াৰ মাজেদি উলিয়াই দিলে শব্দ ৰঙ্কু কঁপিব ধৰে। তেতিয়া আমাৰ কণ্ঠই পেঁপা, শিঙা, আদি দুপতীয়া (double-reed) যন্ত্রৰদৰে মাত উলিয়ায়। তাৰ পাচত আমাৰ মুখ-গহৰ আৰু নাকে শব্দ-বর্ধক চুঙা (resonance tube)ৰ নিচিনাকৈ সেই মাত বর্ধিত আৰু স্পষ্ট কৰে। তেতিয়া কথা শুনা যায়। | ২০। আমি কথা কওঁতে যিবিলাক বর্ণ উচ্চাৰিত কৰে সেই বিলাকক দুই শ্ৰেণীত ভাগ কৰিব পাৰিব। সংগীত আৰু কোলাহল। স্বৰবৰ্ণবিলাক সংগীত বা স্বৰ আৰু বগীয় বর্ণ বিলাক কোলাহল বা হল। অন্তঃস্থ আৰু উষ্ম বর্ণ এই দুই শ্ৰেণীৰ মাজত পৰে। আমি অনুমান কৰিব পাৰে যে সকলো স্বৰৰ পৃথক পৃথক উচ্চতা (pitch) আছে অর্থাৎ বাগযন্ত্র কোন নিরূপিত বাৰ কঁপিলেহে সেই সেই স্বৰ ওলায়। তথাপি স্বৰবৰ্ণৰ উচ্চাৰণ দেশ, জাতি আৰু মানুহ ভেদে ইমান লৰচৰ হয় যে পৃথিবীত অসংখ্য স্বৰ
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৮
অৱয়ব