উচ্চাৰণ কাণ-মাদলত খুন্দা মাৰে। এইদৰে বহুত ঢৌ আহি আমাৰ কাণত পুনুঃ পুনুঃ খুন্দা মাৰিলে আমি শব্দ শুননা। কিন্তু যেই সেই স্পন্দনে আমাৰ কাণৰ প্রত্যক্ষীভূত হব নােৱাৰে। বৈজ্ঞানিক পণ্ডিতসকলে কয় যে প্রতি চেকেণ্ডত ৩টাত কৰি কম বা ৪০০ টাত কৈ বেচি স্পন্দন হলে কোনো শব্দ শুনা নাযায়। জগতৰ সকলাে ধ্বনি এই দুই সংখ্যাৰ স্পন্দনৰ মাজত সীমাবদ্ধ। আমি যি শুনে। তাক দুই শ্ৰেণীত ভাগ কৰিব পাৰি-কোলাহল বা হাই (noise) আৰু স্বৰ বা সংগীত (tone or music)। বতাহত বৃক্ষ-পত্ৰৰ কম্পন, বজ্রনির্ঘোষ, হাট-বজাৰত বহু মানুহৰ কণ্ঠধ্বনি আদি হাই। ই অসাময়িক কম্পনৰ ফল। ই কিছুমান অসমান তৰঙ্গ দ্বাৰা অসমান সময়ত আমাৰ কাণৰ প্রত্যক্ষীভূত উত্তেজনা মাত্র । ঠিক ভাগ নােহােৱা কৰি অলপ সময়তে নানা ৰকম অসমান ঢৌৱে অশৃঙ্খলভাৱে আমাৰ কাণ-মালত খুৱািৰ ফল স্বৰূপে আমি হাই শুনাে। বেহেলা, বাঁহী আদি বাদ্য যন্ত্র ধ্বনি, গীত, আদিব আমি স্বৰ ( বা সংগীত) বােলো। ই সাময়িক কম্পনৰ ফল। সমান সময়ত সমান সমান ঢৌ এটাব পিছত আন এটা আহি আমাৰ কাণত খুন্দা মাৰিলে আমি সংগীত শুনে। | ১৮। মানৱ বাগযন্ত্র (Human organ of speech)-ঢোল, খােল, বাহী, পেঁপা, বেহেলা, চেৰো আদি বাদ্যযন্ত্র বজালে শব্দৰ উৎপত্তি হয়। আমাৰ মুখখনাে এক ৰকম বাদ্য-যন্ত্র! আমি কথা কওঁতে এই বাদ্য-য সহায়ত মাত উলিয়াওঁ। এই বাগযন্ত্র পৃথিবীৰ সকলো বাদ্য-যন্ত্ৰৰ ভিতৰত শ্রেষ্ঠ ; কিয়নাে আমি ইয়াৰে অশেষবিধ মাত উলিয়াব পাৰো। বাগযন্ত্ৰৰ লগতে আমাৰ মাত ডাঙৰ কৰিবৰ নিমিত্তে মুখ-গহ্বৰ আৰু অলেখ কমব মাত উলিয়াবৰ নিমিত্তে তালু, জিভ, দাত আদি আছে। মানুহৰ মুখ-গহবৰ বাস্তৱিকে এটি শব্দবর্ধক চুঙা (resonance tube)। সকলােৱে জানে যে শুদা স্বৰ-কাটা (tuning fork) এটা বজালে তাৰপৰা নিলগত কোননা শব্দ শুনা নাযায়। কিন্তু তাক সেই অৱস্থাত বাকচ এটাৰ ওপৰত বহুৱাই দিলে বাকচৰ ভিতৰৰ বায়ুখিনি তাৰ লগে লগে কঁপিব ধৰে, আৰু স্বৰ- কাটাৰ মাত টান কৰি ভো ভো কৰে গম্ভীৰ মাত উলিয়ায়। আমাৰ কণ্ঠও স্বৰ-কাটাৰ নিচিনা এবিধ বাদ্য-যন্ত্র। শব্দবর্ধক চুঙ। ( resonance tube)- দৰে আমাৰ মুখ-গহ্বৰ নথকা হলে কণ্ঠত ওলােৱা শব্দ শুনা নগল হয়।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৭
অৱয়ব