পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | এইদৰে স্বৰৰ ভিন ভিন ভেদ হয়। তাৰ ভিতৰত প্ৰতিৰ উদাত্ত, অনুদাত্ত আৰু স্বতিভেদে আকৌ ভি ভি প্ৰকাৰৰ হয়। উচা স্বৰ অর্থাৎ মুখৰ তালু আদি স্থানৰ ওপৰ ভাগৰপৰা যি বৰ্ণৰ উচ্চাৰণ হয় সি “উদাত্ত”। তালু আদি স্থানৰ নীচ ভাগৰপৰা যি স্বৰৰ উচ্চাৰণ হয় তাৰ “অনুদাত্ত” সংজ্ঞা হয়। আৰু য’ত উদাত্ত আৰু অনুদাত্ত এই দুই বর্ণধর্ম সমানতাৰপৰা মিল হয় তাকে স্বতি স্বৰ বােলে। এইদৰে প্ৰতি স্বৰৰ ন ন প্ৰকাৰ হৈ যােৱাৰ পিছত সিহঁত অনুনাসিক ( $ ১৫) আৰু অননুনাসিক ভেদে আকৌ দুই ৰকমৰ হয়। এই বিধিমতে স্বৰ অৱঁৰ প্রকাশ হয়। যি অনুনাসিক নহয় সি অনমুনাসিক। এইদৰে অ, ই, উ আৰু ঋ এই কেই বৰ্ণৰ প্রতিটা অঠৰ অঠৰ প্ৰকাৰৰ হয়। ৯ বৰ্ণৰ উচ্চাৰণ কেৱল বাৰ ৰকম, কিয়নাে তাৰ দীর্ঘ নাই। এচ, (অর্থাৎ এ, ও, ঐ, ঔ) এই কেই বর্ণনাে পৃথক পৃথক বাৰ ৰকম উচ্চাৰণ হয়, কিয়নাে ইহঁতৰৰ হ্ৰ নাই। ওপৰৰ কথাৰপৰা বুজা যাব যে অসমীয়াত অ, ই, আদি বৰ্ণৰ পৃথক পৃথক দুই, তিনি ৰকমৰ উচ্চাৰণ থাকিলেও সংস্কৃতৰ সমান বাহুল্য নহয় আৰু সেই সেই উচ্চাৰণ ওপৰত কোৱা উচ্চাৰণৰ অন্তভুক্ত। ওপৰত যি মূল স্বৰৰ উচ্চাৰণ দিয়া হৈছে সি বৈদিক যুগৰপৰা চলি আহিছে! বাহুল্য ভয়ত তাৰ উদাহৰণ ইয়াত দিয়া নহল। ১৭। শব্দ ( Sound --শ্রবণেন্দ্ৰিয়ৰ প্ৰত্যক্ষীভূত স্থিতিস্থাপক বস্তুৰ কম্পন বা আন্দোলন-সভৃত চৈতন্যৰ নাম শব্দ বা ধ্বনি। ই স্পন্দনশীল গতিৰপৰা জন্মে। একোটা স্পন্দনপৰা বতাহত একোটা বলাকাৰ ঢৌ উঠি শব্দৰ বেগত চাৰিওফালে বিস্তৃত হয়। এই বায়ুতৰঙ্গ আহি আমাৰ ১। “স প্রত্যেক উদাত্তাদিভেদেন ত্রিধান।” ১ (ক)। ২। “উচ্চৈা ।” পাণিনি, ১২২৯। ৩। “মীচৈৰণ দাও।” পাণিনি, ১২৩০। ৪। “সমাহাৰ বৰিতঃ।* পা ১২।৩১। ৫। নববিবােহণিপ্রত্যেকমনুনাসিকাননুনাসিকভাং বিধা।* সি, কে, ১২(ক)। ৬। “তদঘি ,ই,, খ, এবাং বর্ণানাং প্রত্যেকটাশভেদা।* সি, কে, ১৩(ক)। ৭। “ বর্ণ দিশঃ তদার্ঘাৎ* সি, কে ১ ১৩ (খ)। ৮। “এচামণি দ্বাদশ, তেৰাং বাৎ।* সি, কে $ ১৩ (গ)। ৯। See Macdonell's vedic Grammar, $ $ 48.