এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯৭
অঙত ৰামায়ণ
সঙ্কেত কৰিয়া জানো. মাতৃত কহিল ।
তাতেসে গোদানী বঝি কৰিবে বুলিল । ৩৮৪
পাছতে কপাট দিয়া বিবৰ মাৰিল ।
মহাকোপে নাগ গণে যুঝিতে সাজিল।
দুই ভাইৰ পদে সবে জনা জনি ভৈল ।
নজানিবে আনে মোৰ মনে হেন লৈল । ৩৮৫
হৌক জনা জমি তাত মোৰ কিবা হানি ।
মোক বৰ দিয়া আছে আপুনি গোসাঁনী ॥
আবে যেহি বাস্থে। তাকে পৰোঞো৷ কৰিতে ।
দেখো নাগগণে দৰ্প কৰে বিপৰীতে ॥৩৮৬
ময় সমে যুবি বাক লাজসে লাগয়।
নাৰীগণে হাসে বুলি কৰিছে সংশয় ।
ইসবাৰ সংশয় কৰিতে লাগে দূৰ ।
হুহুয়াইবো নুহি কন্দুয়াইবো নাগ পুৰ । ৩৮৭
পাছে যেহি বাস্থে। মনে তাহাকে কৰিবো ।
কথা ছলে আবে আসম্বাক চিনা দিবো ।
ইতো মাগগণে যুদ্ধ কৰে কেনমত।
নতু দেখা পাও মই ইতিনি লোকত ।৩৮৮
যদি নাগগণ সমে যুদ্ধ ন কৰিবো।
ৰাঘৰৰ সমাজত কি কথা কহিবো ।
( ৯ )