পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অদ্ভুত ৰামায়ণ । হওঁ শ্ৰীৰামৰ দাদ পবন তনয় । পাতাল পুৰতে৷ ভালে জনাইবে লাগয় । ৩৮৯ সর্ব কাৰ্য্য সিদ্ধি মোৰ কি দৰ সংশয় । এহি চিন্তি হাসিলন্ত অঞ্জনা তনয় । দেখি নাগগণে অন্যো অন্যে বোলে বাক। কৈৰ নাৰী কি কাৰণে হাসয় আমাক। ৩৯০ মায়াৱতী বোলে মই তোমাসাৰ দাসী। গর্ব শুনি তোমাদাৰ উঠে মোৰ হাসি । দানৱৰ ঝীৱ ময় নামত ললীতা সৰমা ৰাক্ষসী সমে আছিল সখিতা । ৩৯১ তান মুখে শুনি আছোকথা অনুপাম । ৰাম ৰাৱণৰ যেন অস্তু, ত সংগ্ৰাম । সি যুদ্ধত মাৰুতিৰ মহিমা অতুল। শুনিয়া আজিয়ে৷ মোৰ হৃদয় ব্যকুল । ৩৯২ কুম্ভকৰ্ণ নিকুম্ভ ত্ৰিশিৰা অতিকায় । দেৱান্তক নৰান্তক যাক সম নায় । ইন্দ্ৰজিত অগ্নিকেতু মকৰাক্ষ বীৰ । দুৰ্জয় ৰাৱণ যাৰ নিঃকম্প শৰীৰ । ৩৯৩ দেবাস্তুৰ নৰ যাৰ ভয়ে তৰ তৰ । তাহাৰে। কৰিল সন্ত যিতো বীৰ বৰ ।