এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অদ্ভূত ৰামায়ণ ।
পাছে বসুমতী দ্বাৰ নিৰোধ কৰিল ।
নাগবীৰ গণ বাহিৰত ৰক্ষা দিল। ৩৭৯
মাৰুতি আসিল সবে জনাজনি ভৈল ।
নাগ ৰাজগণে মুণ্ড ঘুমাইবাক লৈল ।
অনন্তৰ ভয় মুখে বোলে গৰ্ব্ববাক ।
কৈৰ হনুমন্ত কোনে দেখাইবে আমাক । ৩৮০
বানৰ সহিতে যুদ্ধ কৰিবাক লাজ ।
শুনিয়া হাসিবে যত নাগিণী সমাজ ।
আমাক যুঝিীয়া এড়াই যাইবে কাৰ বাপ ।
বা ৰব বস্থিত যেন পতঙ্গৰ ঝাপ । ৩৮১
কন্যা বেশী হনুমন্তে গুণে মনে মন ।
জনা জনি ভৈল দেখো মোৰ আগমন ।
কিমতে জানিল আক নপাও খুজিয়া ।
এক কথা মনে ময় আছোহেঁ৷ শঙ্কিয়া । ৩৮২
যখন সীতাক মই দৰশন পাই ।
কৰিবে লাগিলো প্ৰতি চৰণক চাই ।
লৱ কুশ দুই ভাই মন্দ মন্দ হাসি ।
মোক ঘনে ঘনে চাই কটাক্ষ বিলাসি। ৩৩
অন্যো অন্যে কর্ণে কিবা জপিলেক বাণী ।
নিশ্চয়ে জানিলে৷ চিনিলেক দুয়ো প্ৰাণী ।