সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
অদ্ভুত ৰামায়ণ।

বিষঢ়ালি দহিবে পাৰয় ত্ৰিভুবন।
তাৰ আগে কোন বস্তু পবন নন্দন॥৩৭৪
নকৰিবা ত্ৰাস কিছু হুয়োক নিৰ্ভয়।
শুনি লৱ কুশ দুয়ো আনন্দে হাসয়॥
অতিশয় বৃদ্ধা যদি মাতামহী হয়।
চৱালৰ ঠানে বাণী তথাপি বোলয়॥৩৭৫
একে বাৰে যুঝে যদি লক্ষ লক্ষ নাগে।
তেবে ভাল যদি লাঞ্জ ছুটিতে নভাগে॥
ধৰিত্ৰী বোলয় তোৰা দুধেৰ ছৱাল।
নাগৰ বিক্ৰম দেখি আছ কোন কাল॥৩৭৬
উপজি শৃগালে পথাৰৰ পানী চাই।
বোলে হেনমত বান একো কালে নাই॥
তেন মতে বোলা তুমি মাৰুতিক বড়।
তেবে ভাল বীৰ যদি নামাৰে লৱৰ॥৩৭৭
লৱ কুশ বোলে তযু বচন উচিত।
আমি বালকৰ যোগ্য নোহয় খণ্ডিত॥
বালকৰ বাক্যত নকৰা অপমান।
কিন্তু পলাইবাক চাহা নিৰঞ্জন স্থান॥৩৭৮
হাসি সীতা দেবী বোলে পুত্ৰ দুইক চাই।
আৰ কিছু নুবুলিবা দুথ পাবে আই॥