সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
অদ্ভূত ৰামায়ণ।

মোৰ দয়া সাধিলেক ৰামত ভকতি।
জানিলো নুহিবে আন নিশ্চয়ে মাৰুতি॥৩৬৯
পাছে দেবী বুলিলন্ত পৃথিবীক চাই।
অবিচাৰে কি কাম কৰিলা তুমি আই॥
মাৰুতি মৰিল বুলি নিঃশংসয় ভৈলা।
কাতো নুপুছিয়া কেনে দ্বাৰ মুক্ত কৈলা॥৩৭০
কপটে মাৰুতি কন্যা বেশক ধৰিয়া।
কন্যাগণ সমে গৈল বৰক সাধিয়া।
এক্ষণে উচিত যেহি কহিবাক লাগে।
যি হৌক সি হৌক পাছে নিজ কৰ্ম্ম ভাগে॥৩৭১
ধৰণী বোলয় সিতো মায়াবী বানৰ।
নজানো কিমতে পশিলন্ত অভ্যন্তৰ॥
কিবা অভ্যন্তৰে পশি গৈল বাঝ হুই।
কিবা ইতো থানত কপটে আছে ৰই॥৩৭২
ইহাৰ নিৰ্ণয় যদি পাৰা কহা আই।
যদি বাঝ ভৈল তেবে দ্বাৰ বান্ধ যাই॥
যদিবা এথাত সিতো আছা সোমাই।
তেবে বীৰগণ আনো এথাকে কোঞ্চাই॥৩৭৩
একো নাগ বীৰ জগতৰ ভয়ঙ্কৰ।
অযুত নিযুত বল প্ৰমত্ত গজৰ॥