সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
অদ্ভুত ৰামায়ণ।

তোমাক নিবাক যদি আছে বাঞ্ছা কৰি।
কিমতে নযাইবা তুমিইতো পৰি হৰি॥৩৬৪
একেশ্বৰে মাৰুতিক ৰাক্ষসে বধিল।
সৰ্ব্বলোকে তাৰ শব দেখিয়া জানিল॥
ইয়ো মাৰুতিৰ মায়া জানি বাহা সাৰ।
ব্ৰহ্মাণ্ডৰ মধ্যে তাৰ কোনে চিন্তে মাৰ॥
সাধুৰ দাসৰ দাস দুৰ্জ্জনৰ যম।
যমকাল মৃত্যুয়ে যাহাৰ নোহে সম॥
ব্ৰহ্মা বিষ্ণু মহেশতো যাৰ নাহি ত্ৰাস।
হেন মাৰুতিৰ মৃত্যু শুনি উঠে হাস॥৩৬৬
শ্ৰীৰামৰ প্ৰিয় দাস যাত পৰে নাই।
তুমিও অধিক দয়া কৰি আছা আই॥
তুচ্ছ বজ্ৰনেমি তাক কৰিলা বিনাশ।
ইতো কথা শুনি কাৰ নু বেক হাস॥৩৬৭
আপোনাৰ বাক্য পাশে আপুনি ছান্দিলা।
হেন জানা মাৰুতিৰ হাততে পৰিলা॥
হেনশুনি দেবী বোলে ভাল জিজ্ঞাসিলা।
তোমাসাৰ বাক্য মোৰ মনত লাগিলা॥।৩৬৮
স্তুতি নুবুলিলে নকৰিলে অভিনন্দা।
চলবাদে মোক মাত্ৰ কৰিলেক নিন্দা॥