সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
অদ্ভুত ৰামায়ণ।

কিন্তু এহি বৰ সাধোঁ নিৰন্তৰ
 দয়া দৃষ্টি কৰা মোক।
অবিছিন্ন ভাবে তব স্বামী পাবে
 মোহোৰ ভকতি হোক॥ ৩৫৭
যদি বোলা হেন বৰক সাধন্তা
 কেহোঁজন আন নাই।
যাৰ যেহি ইচ্ছা তাহাকে সাধোক
 তাত মোৰ কিবা দাই॥
শুনা সভাসদ হুয়া নিশবদ
 ৰামায়ণ পদ সাৰ।
ইহাৰ শ্ৰবণ কীৰ্ত্তন কৰিয়া
 পাপ কৰা বুন্দা মাৰ॥ ৩৫৮
ৰামৰ সমান কৃপালু দেবতা
 নাহি নাহি আন কেৱ।
বিষয়ৰ চিন্তা পৰি হৰি সবে
 তান পদে কৰা সেৱ॥
একান্ত শৰণে ৰামৰ চৰণে
 ভজা তেজি আন কাম।
কহে ৰঘুনাথ কথা পৰমাৰ্থ
 ডাকি বোলা ৰাম ৰাম॥ ৩৫৯॥