পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
অদ্ভুত ৰামায়ণ ৷

তোমাত বিনয় যেন জড় প্ৰায়
 পুৰুষৰ চেষ্টা নাই।
নানা পূজা পায় অনন্দিত কায়
 হুইবাক কিবা যুয়াই॥
পুৰুষ শক্তিৰ যদি ভিন্ন নাই
 স্বৰূপ শীতল হয়।
সাক্ষাতে প্ৰমাণ কোনে নমানিব
 তোমাতে দিল প্ৰত্যয়॥ ৩৫৫
সংসাৰিক দুঃখ দেখাই আছা তুমি
 তথাপি আমি অভাগী।
ফুৰোবাঞ্ছা কৰি পতি পুত্ৰ সমে
 সুখে বঞ্চিবাক লাগি॥
পুৰুষৰ ইচ্ছা শকতি আছয়
 বেদ পুৰাণত গাই।
শক্তিৰ স্বচ্ছন্দ বিহাৰ আচাৰ
 কোনো তন্ত্ৰে শুনা নাই॥৩৫৬
শাস্ত্ৰক বিনাশি স্বচ্ছন্দ বিলাসি
 লগাইল মনত খেদ।
পতি পুত্ৰ চয় নমাগোঁহোঁ ময়
 সবাতে ভৈলো নিৰ্ব্বেদ॥