পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
অসমীয়া অদ্ভুত ৰামায়ণ ৷

দিব্য সিংহাসনে, দুই পুত্ৰ সমে,
 দেবীক বীৰে দেখিল।
সিহৰিল গাৱ, ব্যাকুল স্বভাৱ,
 নেত্ৰৰ নিৰ ঝৰিল॥৩৫২
নাৰীগণ সমে, পড়ি প্ৰণামিলা
 ভক্তি ভাৱে জানুপাড়ি।
দিয়া ইষ্ট বৰ, কৰোহো কাতৰ,
 বোলে সবে যত নাৰী॥
মাৰুতি বদতি, শুনা ভগৱতী,
 সুৰেশ্বৰী ব্ৰতেশ্বৰী।
সৃষ্টিৰ কাৰিণী, জগত তাৰিণী,
 আছা লীলা তনু ধৰি॥৩৫৩
অবিদ্যা স্বৰূপ, জীব সমস্তক,
 সংসাৰ নিকাৰে দিয়া।
বিদ্যা ৰূপে পুনু, তুমি ভগৱতী,
 সংসাৰ তাৰিয়া নিয়া॥
যেহি ৰূপে ভাবে, সেহি ৰূপে পাৱে,
 তুমি জগতৰ মাতা।
তুমি সৰ্ব্বশ্ৰেষ্ঠা তুমি সৰ্ব্ব পোষ্ঠা
 তুমি সৰ্ব্ব লোক ধাতা। ৩৫৪