পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
অদ্ভুত ৰামায়ণ৷

তথাপিতো তোক,  দিলোঁ দ্বাৰ এড়ি,
 ই সব নাৰীৰ পাছে।
গোসানীৰ আজ্ঞা,  আনতো কহিয়া
 যাইবা যিবা যৈত আছে॥
শুনিয়া মাৰুতি,  আনন্দিত মতি,
 লৈলা নাগিনীৰ সঙ্গ।
বিবৰ এড়াই,  দিব্য পুৰি পাই,
 লভিল পৰম ৰঙ্গ॥ ৩৫০
দেবীক দেখিতে,  উত্ৰাৱল চিত্তে,
 নাৰীগণ যামে যাই।
অতি বিতোপন,  ৰত্নৰ ভবন,
 দেখন্তে গৈয়া তথায়॥
কতহো বঝাই,  কতহো সোমাই,
 আগে পাছে বেত্ৰধৰ।
আনৰ যুথত,  আন প্ৰবেশিলে,
 প্ৰহাৰ পাইবে এৰ॥ ৩৫১
যিতো যুথেবীৰ, মাৰুতি আছয়,
 সিযুথক আজ্ঞা ভৈল।
বেত্ৰধৰ সব,  আগ পাছ হুয়া,
 অভ্যন্তৰে লৈয়া গৈল॥