পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
অদ্ভুত ৰামায়ণ ৷

যদি নেড়ে মই, অলক্ষিত হুয়া,
 যাইবাক আছয় ঘল।
সীতা গোসানীৰ, দোহাই দিয়াছে,
 আতেসে নেপাওঁ চল॥৩৪৭
এহিচিন্তি পাছে, দুৱৰীৰ কাষে,
 গৈয়া বুলিলেক বাক।
দ্বাৰ মুক্তকৰ, চলোঁ অভ্যন্তৰ,
 নোবোলা বাধা আমাক॥
চিত্ত স্থিৰ হুয়া, মহাব্ৰত ধৰি,
 আছো এথা বহুকাল।
আমাৰ কপালে, বিধাতা মিলাল,
 নকৰা তুমি জঞ্জাল॥ ৩৪৮
কৰোহোঁ মিনতি, দিয়া অনুমতি,
 নিমাখিতি মই নাৰী।
নতুবা তোমাত, বধ দিয়া মই,
 মৰিবো হানি কটাৰি॥
দ্বাৰী বোলে আই, কেন হেন বোলা,
 আমি পৰাধিন প্ৰাণী৷
মৰিলেও বধ, নলাগিব মোত,
 কহিলো স্বৰূপ বাণী॥৩৪৯