পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভুত ৰামায়ণ৷

দণ্ডৱতে নাগৰাজে বুলিলন্ত বাক।
কোনবা আদেশ মাতা হোৱয় আমাক॥
সীতাদেবী বোলন্ত শুনিয়ো নাগৰায়
পুত্ৰ দুইক আনা ছলে অযোধ্যাক যায়॥ ২৭
পুত্ৰৰ বিৰহে ৰাম যেন নমৰয়।
তেমতে আনিবা গেয় তুমি মহাশয়॥
কতিপৰ দিনমানে পুত্ৰ দুইক চাই।
ৰাঘবৰ পাশে পুনু দিছোহোঁ পঠাই॥ ২৮
শুনি নাগৰাজ চলি গেল মায়া কৰি
তেতিক্ষণে পাইলা যায় অযোধ্যা নগৰী॥
পুত্ৰ ভ্ৰাতৃ মনে ৰাম সীতাৰ মধ্যত
ইন্দ্ৰ যেন বসি আছে দেৱৰ মাঝত॥ ২৯
লৱ কুশ ভৰত লক্ষ্মণ শক্ৰঘণ।
চৌপাশে উপাসি আছে পাত্ৰ মন্ত্ৰিগণ॥
বিভীষণ কপিৰাজ নীল হনুমন্ত
অঙ্গদাদি কৰি যুৱৰাজ অপৰ্য্যন্ত॥ ৩০
জল সাগৰৰ মাঝে কাঞ্চন ভূমিত।
ৰৌদ্ৰবাহু নামে ৰাজা জগতে বিদিত॥
পঞ্চলক্ষ নৰপতি সমে সেৱা কৰে।
যাৰ নাম শুনি দেৱাসুৰ কাম্পে ডৰে॥৩১