পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অদ্ভুত ৰামায়ণ । পুষ্কৰ দ্বীপৰ পতি বীৰসেন নাম । বলে বীৰ্য্যে ধৈৰ্য্যে যাৰ নাহিকে উপাম । সৰ্বে পঞ্চলক্ষ ৰ'জ। লগত কৰিয়া । মহা ৰঙ্গে ৰাঘবক আছন্ত সেবিয়া । ৩২ শাকদ্বীপ পতি সিংহানন নাম যাৰ পঞ্চলক্ষ নৃপতিৰ গৃেহে অধিকাৰ । শ্ৰীৰামক সেৱা কৰি সদায়ে থাকিয়। যাক মাৰুতিয়ে সখি বুলিয়া আছয় । ৩০ । ক্ৰৌঞ্চদ্বীপ পতি দর্বজয় । নৰপতি । জাতিত খাষভ কৰে কৃষ্ণত ভকতি। হাঙ্কাৰতে নবে নৃপতিৰ মান লয় । তিনি লক্ষ ৰাজা সমে ৰামক সেবয় । ৩৪ কুশদ্বীপ পতি চণ্ড শানন ভুপতি । জাতিত কোবিদ তেহে মহা শুদ্ধমতি । সাৰ্ধ পক্ষ লক্ষ নৰপতি সমে আসি। শ্ৰীৰামৰ পাদ পদ্ম আছন্ত উপাসি। ৩৫ শার্সলি দ্বীপৰ পতি যজ্ঞসেন নাম। বীৰ্য্যধৰ জাতি গুণে নাহিকে উপাম । তিনি লক্ষ ৰাজা সমে মহ। বলৱন্ত। ভক্তি ভাৱে গ্ৰীৰামৰ চৰণ সেবন্ত ॥৩৬