পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এৰাইতে নপাৰি পিতৃবাক্যে সম্বৰিলা দুৰ্জ্জনৰ বোলে পুনু তথাপি ছাড়িলা॥ কোন স্থানে হেন কৰ্ম্ম কৰে কোন জনে। গৰ্ভৱতী স্ত্ৰীক মৰিবাক এড়ে বনে॥ ২২ মহাসতী হেতু কিছু প্ৰমাদ নভৈল। পুত্ৰ দুইৰ অৰ্থে ঋষি আশ্ৰমত ৰৈল॥ আক্ৰোশ কৰিয়া আনি পৰীক্ষিতে চাইলা। আছোক লভিবা সীতা নামকো লুকাইলা॥ ২৩ এতেকে জানিবা দদা দৈব মহা বল। জানকী দেবীক লাগি ছাড়িয়ো বিকল॥ বুদ্ধিমন্ত মহন্ত পণ্ডিত কিছু নয়। যি কৰিবে ঈশ্বৰে সেহিসে সত্য হয়॥ ২৪ হেনজানি দদা তেজিয়োক সবে ৰোষ অসাৰ সংসাৰ জানি হুয়োক সন্তোষ॥ প্ৰবোধ শুনিয়া প্ৰভু কিছু শাস্ত ভৈলা। হেন কষ্টে শ্ৰীৰামৰ কত কাল গৈলা। ২৫ ৰাম বিনে সীতাৰ নযায় নুপুহাই। আচন্ত সদায় স্বামী পুত্ৰক ধীয়াই॥ উগুল থুগুল মন কিছু সুস্থ নাই। নাগৰাজ বাসুকীক অনাইল মতাই॥ ২৬