সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
অদ্ভুত ৰামায়ণ।

পৃথিবী বদতি, শুনা সীতা সতী,
শুনিলো ময়ো হেনয়।
কালনেমি নামে, ৰাক্ষস দুৰ্জ্জয়,
দুষ্টমতি পাপাচয়॥৩৪২
লক্ষণক লাগি, ঔষধি যোজন্তে,
পবন তনয়ে পাই।
নানা বিকৰ্থনা, কৰিয়া তহোক,
যমপুৰে দিলা ঠাই॥
ভ্ৰাতৃৰ শোকত, থাকি নিশাচৰ,
কতো দিনে ছিদ্ৰ পাই।
একেস্বৰে পাই, গদাৰে কোবাই,
দিলা যমঘৰে ঠাই॥৩৪৩
জানকী বোলয়, হেন কি হোৱয়,
শশাৰ মাথাত শৃঙ্গ।
কৈত দেখি শুনি, আছাহা আপুনি,
কুক্কুৰে মাৰয় সিংহ॥
শ্ৰীৰামৰ প্ৰিয়, দাস মাৰুতিৰ,
মৃত্যু একো স্থানে নাই।
তেবেসে ৰাক্ষসে, মাৰিলে বোলাহা,
কিবুলিবো তেবে আই॥৩৪৪
( ৮ )