পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
অদ্ভুত ৰামায়ণ।

বজ্ৰ পাথৰৰ, ভাঙ্গিয়া কপাট,
দ্বাৰ দিলা মুক্ত কৰি।
অল্প হাস্য কৰি, বুলিলা ধৰণী,
জানকীৰ গলে ধৰি॥
শুনা মাৱ সীতা, নকৰিবা চিন্তা,
সৰ্ব্ব কাৰ্য্য সুমঙ্গল।
অতল বিবৰে, পবন কুমাৰে,
মৰি গৈল ৰসাতল॥৩৪০
পুত্ৰ দুই সমে, এবে সুখে থাকা
নাহিকে চিন্তা মনত।
শুনি গোসানীৰ, কম্পিত শৰীৰ,
জ্বলিল বহ্ণি গাৱত॥
হাহা মহাসন্ত, বীৰ হনুমন্ত,
কিমতে প্ৰাণ সুঝাইলে।
ৰাম স্বামী কেনে, প্ৰাণ ধৰিবন্ত,
হনুহত বাৰ্ত্তা পাইলে॥৩৪১
মাতৃ বসুন্ধৰী, কহাভাল কৰি,
বধিল কোন তাহাক।
ত্ৰিদশৰ বৰে, অবধ্য শৰীৰ,
কোনে খণ্ডিলেক তাক॥