পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
অদ্ভুত ৰামায়ণ।

হেন শুনি সবে, চাহিবে লড়িলা,
মাৰুতিক আগকৰি।
মায়া বেশ ধৰি, মৃত কপি ৰূপে,
হনুমন্ত আছে পড়ি॥৩৩৭
তাত অসংখ্যাত, মক্ষিকা পড়িয়া,
মাংস খাই নাদ কৰে।
অঙ্গুলি তাৰিয়া, দেখাইলন্ত নিয়া,
নাৰী বেশী কপিবৰে॥
দেখিয়া আনন্দ, সবেও বোলয়,
আমাৰ সুদিন ভৈল।
জানকীৰ দ্ৰোহ, কৰিবাক আসি,
কপি বমঘৰে গৈল॥৩৩৮
হনুমন্ত বীৰ, মৰি পড়ি আছে
সমস্ত লোকে জানিলা।
পাছে বসুমতী গোঁসানীয়ো শুনি,
চাহিবে লাগি চলিলা॥
পৰ্ব্বত সদৃশ, পড়িয়া আছয়,
দেবী ঘুৰি ঘুৰি চাই।
হনুমন্ত হয়, লভিয়া প্ৰত্যয়,
গৈলা জানকীৰ ঠাই॥৩৩৯