পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অদ্ভুত ৰামাযণ।

কালনেমি নাম, ৰাক্ষসৰ ভ্ৰাতৃ,
বজ্ৰনেমি বোলে যাক।
বন্ধুৰ বিয়োগে, ফুৰে মহা শোকে,
ভ্ৰাতৃ ঋণ সুঝিবাক॥
ফুৰয় প্ৰবন্ধি, নপাৱয় সন্ধি,
ছিদ্ৰ পাইল ইথানত।
গদায়ে কোবাই, মাৰিলা এথাই,
পড়ি আছে গিৰিমত॥৩৩৫
গৃহস্থনী বোলে, মিছা কহ তয়,
কোনে মাৰিবেক তাক।
দেবাসুৰ নৰ, ভয়ে তৰতৰ,
কালো ভয় কৰে যাক॥
কোন বজ্ৰনেমি, মাৰিবেক তাক,
নকহিবি কিছু আৰ।
চলি যাওঁ মই, দেখাই দেস তই,
যেবে কহি আছ সাৰ॥৩৩৬|
বোলয় দেখাইবো, নিশ্চয় কহিলো,
নহিকে সংশয় আন।
বিবৰ মাঝত, পড়িয়া আছয়,
গন্ধে ফুটি যাই প্ৰাণ॥