সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
অদ্ভুত ৰামায়ণ।

পুনু বাসুকিয়ে, অযোধ্যাক যাই,
বুঝিয়া সমস্তে কাৰ্য্য।
দেবীত কহিলা, কুমৰ বিচাৰি,
আসে হনু কপিৰাজ॥৩৩২
তাহাৰ সমান, বীৰ গোট শুনো
ব্ৰহ্মাণ্ডৰ মধ্যে নায়।
বিষ্ণু আদি কৰি, সমস্ত দেৱৰ,
বৰত অবধ্য কায়॥
সীতা গোঁসানীৰ, পুত্ৰতো অধিক,
তাক লাগি দয়া চাৰ।
উপায় নপাই, বজ্ৰ শিলা দিয়া,
মাৰিলা বিবৰ দ্বাৰ॥৩৩৩
হনুমন্তে কহে, মোৰ সখী নোহে,
নাহি তান পুত্ৰ জীৱ।
অযোধ্যাৰ পতি, নোহে তান পতি,
মিছা বাৰ্ত্তা কহা কিয়॥
যাৰ কথা কহা, তাকো জানো মই,
কহিবে লাগে কিসক।
যিটো হনুমন্ত, দেখিলো তাহাক,
মৰিয়া গৈল স্বৰ্গক॥৩৩৪