সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
অদ্ভুত ৰামায়ণ ৷

তুমিতো ৰমণী, কাহাৰ নন্দিনী
 যাহ কোন স্থান লই।
আমাৰ ইথান, তোমাৰ সমান,
 নাৰী দেখা শুনা নাই॥৩২২
কিবা প্ৰয়োজন, আমাৰ ভবন,
 কহিয়োক তুমি তাক।
মায়া কপি চায়, বোলে শুনা আই,
 কহিবো স্বৰূপ বাক॥
চন্দ্ৰ কেতু নাম, মোহোৰ জনক,
 পৃথিবী মণ্ডলে ৰাজা।
নামে হেমবল্লী, মোহোৰ জননী,
 আছে তান চাৰি প্ৰজা॥৩২৩
মিথিলাৰ পতি, জনক নৃপতি,
 তান জীৱ সীতা সতী।
ৰত্নমঞ্জৰিনী নাম, মই সমে,
 সীতা কৈল মিত্ৰৱতী।
শয়নে ভোজনে, এড়া এড়ি নাই,
 থাকো এক পিণ্ড হই।
ৰামক সুস্বামী, লভি সীতা সতী,
 লৈল মোকো সঙ্গে লই॥৩২৪